
হাইলাকান্দিঃ বৰাকৰ অন্যতম সমাজসেবী সংগঠন কিল্লাৰবাক সমাজ উন্নয়ন সংস্থাই ব্যাপক কাৰ্যসূচীৰে দুদিনিয়াকৈ ক্ৰীড়া প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰে৷ প্ৰতিযোগিতাখনত ভলিবল, হাইজাম্প, লংজাম্প, ১০০-২০০মিটাৰ দৌৰ, বেডমিণ্টন, শটপূট, ডিছকাছ-থ্ৰ আদি খেল অনুষ্ঠিত হয়৷
শনিবাৰৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত বৰাকৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় উপস্থিত থাকে৷ দেওবাৰে সন্ধিয়া ৪ বজাত সফল সামৰণি পৰে প্ৰতিয়োগিতাৰ৷ দুয়োদিনেই শান্তিপূৰ্ণভাবে আৰু শৃংখলাবদ্ধ ভাবে খেলসমূহ অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাখনত দক্ষিণ হাইলাকান্দি ব্লকৰ সকলো সংগঠনেই অংশগ্ৰহণ কৰে৷
সামৰণি অনুষ্ঠানত ঘাড়মোড়া জামিয়া জিলা পৰিষদৰ নেতা বাবুল দাস আৰু সমাজসেবক বিশ্বাস সেনগুপ্তকে ধৰি ইউথ একচন গ্ৰুপ দক্ষিণ হাইলাকান্দিৰ সভাপতি ছিদ্দেক আহমেদ মজুমদাৰ, এন ওয়াই ভি কুজ্জ, ৰাম ৰিয়াং, বিৰাজ দাস আৰু সংগঠনটোৰ নেতা উপস্থিত থাকে৷ সভাত বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰা হয়৷ এই প্ৰতিযোগিতাখন পৰিচালনা কৰে কিল্লাৰবাক সমাজ উন্নয়ন সংস্থাৰ সম্পাদক মুক্তাদিৰ হুছেইন লস্কৰ, ক্ৰীড়া সম্পাদক জাকিৰ হুছেইন বৰভূঞা, ছইফ উদ্দিন চৌধুৰী, কাবিল আহমেদ চৌধুৰীয়ে৷