শঙ্কৰগুৰুক অপমান পতঞ্জলিৰ, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ এজাহাৰ দাখিল

newsnextone.com| নগাঁওঃ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ তথা ধৰ্মীয় অনুভূতিক লৈ বনিক গোষ্ঠী পতঞ্জলিৰ এজন জ্ঞানশূণ্যহীন তথাকথিত যোগগুৰুৱে কৰা অপমানসূচক মন্তব্যৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ আজিও বিভিন্ন ঠাইত পতঞ্জলিৰ দোকান বন্ধ কৰি দিয়াৰ ওপৰিও উক্ত ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ সমীপবৰ্তী এলেকাসমূহতো আজি পৰিলক্ষিত হয় ভিন্ন প্ৰতিবাদ৷ 

আজি অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে নগাঁও জিলাৰ জাজৰি আৰক্ষী নিৱেশত বিষয়টোৰ সম্পৰ্কত এজাহাৰ দাখিল কৰে৷ অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসে শঙ্কৰদেৱ আৰু তেওঁ সৃষ্টি নামঘোষা আৰু নামঘৰ সম্পৰ্কে পতঞ্জলিৰ যোগগুৰু সতীনাথে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি অতি শীঘ্ৰে অসমৰ সামাজিক পৰিবেশ বিনষ্ট কৰিবলৈ যড়যন্ত্ৰ কৰা সতীনাথক গ্ৰেপ্তাৰৰ দাবী জনায় এজাহাৰ দাখিল কৰে৷