সৃজনগ্ৰামত আছুৰ প্ৰতিবাদ, জাতীয় নায়ক হায় হায় শ্ল’গানেৰে কঁপালে ৰাজপথ

newsnextone.com | সৃজনগ্ৰামঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল হৈ আছে৷ মঙলবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ শালমাৰা মহকুমাৰৰ সৃজনগ্ৰামত সৃজনগ্ৰাম আঞ্চলিক ছাত্ৰ সন্থাই বিধেয়ক খন বাতিলৰ দাবীত মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰু অসম চুক্তি ৰূপায়নৰ দাবীত সৃজনগ্ৰাম আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত উত্তৰ শালমাৰাৰৰ কেইবাশতাধিক লোক ৰাজ পথলৈ ওলাই আহে৷ অসম চুক্তি ৰূপায়ণ, খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা প্ৰদান, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবীত সৃজনগ্ৰামত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে ৰাইজে৷

আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আব্দুল লতিফ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰণৱ চৌধুৰীৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী, বিভিন্ন দল-সংগঠনৰ নেতৃত্ব হাতে-হাতে বেনাৰ, প্লে-কাৰ্ড লৈ আহ ঐ আহ ওলাই আহ, অসম চৰকাৰ হায়-হায়, বাংলাদেশী গ’বেক, ছাত্ৰ সন্থা জিন্দাবাদ, ভাৰত চৰকাৰ হুঁছিয়াৰ, নৰেন্দ্ৰ মোডী  হুঁছিয়াৰ, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়, এই জুই জ্বলিছে জ্বলিবই আদি বিভিন্ন শ্ল’গানেৰে অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে৷

বৰঘোলা বজাৰ গৃহৰ পৰা আৰম্ভ উলিওৱা বিক্ষোভ কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বৰঘোলা অভয়াপুৰী গড়কাপ্তানী পথেৰে সৃজনগ্ৰাম উন্নয়ণ খণ্ড, লেংটিছিঙা পাৰা হৈ পুনৰ বৰঘোলা বজাৰ হৈ সৃজনগ্ৰাম মজলীয়া বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হয়। আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত গণবিক্ষোভ কাৰ্যসূচীত ছাত্ৰ সন্থাৰ উপৰিও সৃজনগ্ৰাম আঞ্চলিক কোচঁ ৰাজবংশী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সৃজনগ্ৰাম আঞ্চলিক সমিতি, সৃজনগ্ৰামৰ জ্যেষ্ঠ নাগৰিক সন্থা, সৃজনগ্ৰাম আঞ্চলিক মহিলা সমিতিৰ লগতে অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।