শ্ৰীকৃষ্ণ চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড

newsnextone.com লিডুঃ ডিগবৈ শ্ৰীকৃষ্ণ চাহ বাগিচাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ জয়প্ৰকাশ গুপ্তা নামৰ যুৱকজনক হত্যা কৰি বাগিচাৰ ১৪নং লাইনত পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জয়প্ৰকাশৰ জেপত থকা ২০ হাজাৰ টকাসহ এটা মবাইল অন্তৰ্ধান হয়৷

জয়প্ৰকাশৰ ঘৰ ৰাজগড় কেন্দুগুৰিত বুলি জানিব পৰা গৈছে৷ বাগিছাখনত থকা খুলশালীৰ ঘৰলৈ আহিছিল জয়প্ৰকাশ গুপ্তা৷

আজি পুৱা ভাগত জয়প্ৰকাশৰ মৃতদেহ বাগিছাৰ কাষত উদ্ধাৰ হয়৷ ঘটনাৰ সন্দৰ্ভত মধু তাছা নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰিছে৷ মধুৰ ঘৰ ডুমডুমাৰ তাৰা বাগানত বুলি জানিব পৰা গৈছে।