
দলংঘাটঃ আজি লোকে লোকাৰণ্য হৈ পৰিছে শিয়ালা বৈষ্ণৱ ক্ষেত্ৰ। দৰং জিলাৰ দেওমৰনৈৰ শ্ৰীশ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰত বিগত বছৰকেইটিৰ দৰে এইবেলিও শ্ৰীকৃষ্ণৰ জন্ম জয়ন্তী উৎসৱ পালন কৰে।
ৰাতিপুৱাৰ পৰা বিভিন্ন অঞ্চলৰ অগণন ভক্তপ্ৰাণ ৰাইজ সত্ৰলৈ সমাগম ঘটে। প্ৰতি বছৰে দেওমৰনৈ শ্ৰীশ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰত শ্ৰীকৃষ্ণৰ জন্ম জয়ন্তী উৎসৱটি পালন কৰি আহিছে উলহমালহেৰে৷ শ্ৰীকৃষ্ণৰ জন্ম জয়ন্তীত নাম কীৰ্তন আৰু আলোকপাত হয়।