শ্ৰীলংকাৰ ৪৮ জনীয়া দলে প্ৰশিক্ষণ দিব অসমৰ খেতিয়কক

নামতিঃ আহোমৰ ৰাজধানী ঐতিহ্যমণ্ডত শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চল। নামতিত চৰকাৰী কর্ম সংস্থাপন নোপোৱা ৮০ শতাংশ নিবনুৱা এতিয়া সাঁচি খেতিৰ দ্বাৰা সংস্থাপিত হোৱাৰ পথ বাচি লৈছে। অঞ্চলটোত যুৱকৰ পৰা বয়োজ্যেষ্ঠ সকলোৱে সাঁচি গছৰ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছে।

উপযুক্ত সময়ত সাঁচি পুলিবোৰ ডাঙৰ হোৱা লগে লগে তেওঁলোকে কোনো এজন ব্যৱসায়ীক বিক্রী কৰে আৰু গছ জোপা বিক্রী কৰা এক সপ্তাহ মানৰ ভিতৰতে পুনৰ সেই ঠাইডোখৰত কেনেকৈ দুই-তিনিজোপা সাঁচি ৰোপণ কৰিব পাৰি তাৰ চেষ্টা চলায়।

সাঁচি গছ কিনি নিয়া ব্যৱসায়ী জনে কর্মচাৰী হতোৱাই গছজোপা কাটোৱাই তাৰ মূল্যবান অংশটোৰ পৰা সুগন্ধি তেল নিস্কাশন কৰে অথবা আন এজন ব্যবসায়ীক বিক্রী কৰি দিয়ে। সাঁচি খেতি নতুবা ব্যৱসায় নামতিতেই চামগুৰি, মিছাজান, মেজেঙ্গা,কালুগাঁও, আমগুৰি, জাঁজী, হালোৱাটিং, চেলেংৰ লগতে মৰাণ, ৰাজগড়, চেপন, কাকজান, নাহৰণি, দেৰগাওঁ, গোলাঘাট, সোণাৰী, মথুৰাপুৰ উপৰিও অসমৰ বিভিন্ন প্রান্তত হাজাৰ হাজাৰ সংস্থাপিত হৈ আছে।

মূল্যবান সাঁচি গছবোৰ লালন-পালনৰ দিহা-পৰামৰ্শ দিয়াৰ উদ্দেশ্যে সুদূৰ শ্ৰীলংকাৰ পৰা পুৰুষ-মহিলাৰ সহ ৪৮ জনীয়া এটি দল শনিবাৰে নামতিত উপস্থিত হয়। সদৌ অসম সাঁচি খেতিয়ক সংস্থা (আচগা)ৰ সভাপতি বিকাশ বৰাৰ উদ্দ্যোগত অহা দলটোৱে নামতি অঞ্চলৰ বিভিন্ন সাঁচি গছৰ বাৰীত সোমাই সাঁচি গছ দেখি আনন্দত আত্মহাৰা হৈ কোনোৱে যদি চেলফি তুলিছে ,কোনোৱে আকৌ কেমেৰাত আৱদ্ধ কৰিলে সাঁচি গছৰ ফটো।

শ্রীলংকাৰ পৰ্যবেক্ষণকাৰী দলটোৰ সাঁচি গছৰ ব্যৱসায়টো আন্তঃৰাষ্ট্ৰীয় বজাৰত জিলিকাব পৰা তুলিবলৈ সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে। খেতিয়কসকলে কম মূল্যত বিক্ৰী কৰি ধনী গোষ্ঠীক সহায় কৰিছে বুলিও উল্লেখ কৰে।

ইফালে, সদৌ অসম সাঁচি খেতিয়ক সংস্থা (আচগা)ৰ প্রতিনিধি সকলে সাঁচি ব্যৱসায় সন্দর্ভত নামতি ক্লাৱত এখন সভা আনুষ্ঠিত কৰি শ্রীলংকাৰ পৰ্যবেক্ষকৰ দলটোক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়। অসমীয়াৰ গৌৰৱৰ গামোচাৰ নাম শুনা পৰ্যবেক্ষকৰ দলটোৱে প্রথমবাৰৰ বাবে গামোচাখন পাই আনন্দত উত্ফুল্লিত হৈ পৰাৰ লগতে অসমবাসীক ধন্যবাদ জনায়।