নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাংবাদিক সুৰক্ষা মঞ্চৰ স্মাৰক প্ৰদান

গুৱাহাটীঃ ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে সোমবাৰে ওলাই আহিছে ঘৰৰ পৰা৷ মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷ 

অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকসকলেও সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ সাংবাদিক সংগঠনেও পিছ পৰি থকা নাই৷ সাংবাদিক সুৰক্ষা মঞ্চ-অসমে এই আইনৰ বিৰোধিতা কৰি স্মাৰক প্ৰদান কৰে৷ সাংবাদিক সুৰক্ষা মঞ্চ-অসমৰ সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে এই বিধায়কক আমি বিৰোধিতা কৰিছো বুলি কয়৷ যুটীয়া সংসদীয় সমিতিক স্মাৰক প্ৰদান কৰা বুলি কৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ নাগৰিকৰ জনমতক শ্ৰদ্ধা কৰিব বুলি আশা প্ৰকাশ কৰে পাতিৰে৷