আজি ষষ্ঠীৰ বেদীত দুৰ্গাক প্ৰতিষ্ঠা কৰি নলবাৰীতো শাৰদীয় দুৰ্গোৎসৱ

নলবাৰীঃ সৃষ্টিৰ এক অনুপম সময় শৰতকাল। এই শৰতকালতে দুৰ্গা পূজাৰ পৰিৱেশে উদুলি মুদুলি কৰে সকলো প্ৰান্তৰ পৰিবেশ। আজি সন্ধিয়া ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰা লগে লগেই আৰম্ভ হয় পাঁচদিনীয়া শাৰদীয় দুৰ্গোৎসৱ। এইবাৰ দেৱী নাৱেৰে ধৰালৈ নামি আহিছে আৰু পূজা গ্ৰহণৰ পিছত উভতি যাব ঘোঁৰাত।

লোকবিশ্বাস মতে দেৱী নাৱেৰে আহিলে পৃথিৱীত জল আৰু শস‍্য বৃদ্ধি পায় আৰু দেৱী ঘোঁৰাত ঘূৰি যোৱা গমনে দেশত যুদ্ধ-বিগ্ৰহ মাৰি-মৰক বৃদ্ধি পায়। আজিৰ পৰা আৰম্ভ হোৱা ৫ দিনীয়া দুৰ্গোৎসৱৰ এইবাৰ নলবাৰী চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সামৰি প্ৰায় ৭০ টা স্থানত পূজা আয়োজন কৰা হৈছে।

নলবাৰী হৰি মন্দিৰ, গোপাল বাজাৰ, বৰকুৰা, চ'ক বজাৰ, কলেজ চ'কত আটাইকেইখনতে আটক-ধুনীয়া মণ্ডপৰ ব‍্যৱস্থা কৰিছে। প্ৰতিখন পূজাস্থলীত চিচি টিভি কেমেৰা লগোৱাৰ উপৰিও স্বচ্ছতাৰ দিশত অধিক মনোনিবেশ কৰা হৈছে। প্ৰশাসনে আইন শৃংখলা ৰক্ষাৰ বাবে নিয়মীয়া টহল দিয়াৰ উপৰিও কটকটীয়া পহৰাৰ ব্যৱস্থা কৰিছে।

কাপোৰৰ দোকান, জোতাৰ দোকোন, মিঠাইৰ দোকানত গ্ৰাহকৰ অত্যাধিক ভিৰ পৰিলক্ষিত হৈছে। আনহাতে জিএছটিৰ সুবিধা গ্ৰহণ কৰি সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত বিপাঙত পৰিছে সাধাৰণ শ্ৰেণীৰ গ্ৰাহক।

তথাপিও আনন্দ উলাহ কমা নাই ৰাইজৰ। শাৰদী ৰাণীক আদৰিবলৈ সাজু হৈছে সকলো। ঢাকৰ শব্দত দেহ মন নাচি উঠিছে নলবাৰীবাসীৰ।