
নলবাৰীঃ চিপৰাং নহয়, এইবাৰ চোৰক দৰকাৰ হ’ল ৰেঞ্চৰ৷ লাইটৰ পোষ্ট বগাই নট খুলি চোৰে চুৰি কৰিলে সৌৰশক্তি চালিত লাইট৷
নলবাৰী সদৰ থানাৰ পৰা প্ৰায় ২ কি:মি: দক্ষিণে বাহঁজানীৰ বালামুগকুছি চ'কত থকা ৰজহুৱা সৌৰশক্তি চালিত লাইটসমূহ সোমবাৰে নিশা কোনো দুৰ্বিত্তই চুৰি কৰি লৈ যায়৷ ৭ নং পূৱ-বাহঁজানী গাওঁ পঞ্চায়তৰ ত্ৰয়োদশ বিত্তীয় আয়োগৰ ২০১৫-১৬ চনৰ আচঁনিৰ অধীনত কেইদিনমান আগতে বালামুগকুছি চ'কটোত দুটা সৌৰশক্তি চালিত লাইট স্থাপন কৰা হৈছিল৷
ইতিমধ্যে এই চুৰি হোৱা সংক্ৰান্তত নলবাৰী সদৰ থানাত ৭ নং পূৱ-বাঁহজানী গাঁও পঞ্চায়তৰ সভাপতি নলিনী কান্ত শীলে ঘটনাৰ বিৱৰণি উল্লেখ কৰি এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষী প্ৰসাশনৰ কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱা পৰিলক্ষিত হোৱা নাই৷
বিগত সময়ছোৱাতো এই চ'কটোত বিভিন্ন চুৰি কাৰ্য্য সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কোনো গুৰুত্ত আৰোপ কৰা নাই৷ এই চুৰি হোৱা লাইটৰ প্ৰতিটোৰ মূল্য আঢ়ৈ লাখ টকা বুলি জনিব পৰা গৈছে৷