দুৰ্গাপূজাত নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী আৰু জুৱা বন্ধৰ আহ্বান

HappyTrips.
HappyTrips.

কোকৰাঝাৰঃ আগন্তুক দুৰ্গা পূজাৰ মেলাত নিচাজাতীয় দ্ৰব্য বিক্ৰী আৰু জুৱাৰ প্ৰচলন বন্ধ কৰিবলৈ আজি কোকৰাঝাৰ জিলা উপায়ুক্তক কেবাটাও দল-সংগঠনে এক স্মাৰকপত্ৰ মৰ্মে দাবী জনাইছে। কোকৰাঝাৰ জিলা বড়ো সমাজ, বড়ো সাহিত্য সভা, বডোলেণ্ড ছাত্ৰ সন্থা, এবছু, প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ, এনডিএফবি(প্ৰ), সাংস্কৃতিক সন্থা, গাঁওবুঢ়া সন্থা আৰু যুৱ বিপিএফে আজি যৌথভাৱে জিলা উপায়ুক্ত প্ৰদান কৰা এক স্মাৰকপত্ৰত পূজাৰ নামত মদকে ধৰি আন নিচাজাতীয় সামগ্ৰী আৰু জুৱা কঠোৰভাৱে বন্ধ কৰিবলৈ আহ্বান জনাইছে।

কোকৰাঝাৰ জিলা বড়ো সমাজৰ সভাপতি বিবেকানন্দ নাৰ্জাৰীয়ে কয় যে জিলাখনৰ প্ৰতিটো চুকে কোণে অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ মেলাৰ নামত অবাধ হাৰত জুৱা খেল অনুষ্ঠিত হৈ আহিছে আৰু বিপুল হাৰত মদৰ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ উপৰিও অসামাজিক চক্ৰই তাৰে সুবিধা লৈ সমাজবিৰোধী কাৰ্যত লিপ্ত হৈছে।

জিলা উপায়ুক্তক বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাই উল্লেখিত সংগঠনকেইটাই মেলাৰ অনুমতি দিয়াৰ পূৰ্বে জিলা উপায়ুক্তই পূজা কমিটিসমূহৰ পৰা মদ আৰু জুৱাৰ প্ৰচলনৰ নিষেধ্বজ্ঞাৰ ক্ষেত্ৰত নিশ্চয়তা ল’বলৈ আহ্বান জনাইছে। 
             
ইপিনে অহা ২৭, ২৮, ২৯ আৰু ৩০ ছেপ্তেম্বৰত চাৰিদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ বালাজান তিনালীত ৮৫ তম দূৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বালাজান তিনালী সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গাপূজা সমিতিৰ সভাপতি মুকেশ প্ৰসাদ শ্বাহ আৰু সম্পাদক জয়ন্ত নাথে এইবেলি বালাজান তিনালীৰ দুৰ্গা পূজাথলী সুৰামুক্ত আৰু জুৱামুক্ত হ’ব বুলি সদৰী কৰিছে।

ঐতিহ্যমণ্ডিত বালাজান তিনালীৰ দূৰ্গা পূজাৰ মেলাত চাৰ্কাচ, আৰতি প্ৰতিযোগিতাকে ধৰি বিভিন্ন মনোৰঞ্জনমুলক খেল থাকিব বুলি সদৰি কৰিছে সমিতিৰ সভাপতি মুকেশ প্ৰসাদ শ্বাহে।