মুদ্ৰা নীতিৰ বিৰোধীতা কৰি লখিমপুৰত অৱস্থান ধৰ্মঘট

লালুকঃ  বুধবাৰে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ মুদ্ৰা নীতিয়ে দেশৰ অৰ্থনীতি বিনষ্ট কৰাৰ প্ৰতিবাদত লালুক বাছ আস্থানত দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ এক অৱস্থান ধৰ্মঘট কৰা হয়। উক্ত কাৰ্যসূচীত নাওবৈছা সমষ্টিৰ বিধায়ক মামোন ইমদাদুল হক চৌধুৰীয়ে বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়া দিপ্তী মৰাঙৰ জৰিয়তে মাননীয় ৰাজ্যপাল মহোদয়লৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

উক্ত কাৰ্যসূচীত লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰি সভাপতি আব্দুৰ ৰশ্বিদ, উপসভাপি আব্দুল হেকিম, প্ৰচাৰ সম্পাদক মামোন ইকৰামুল হক চৌধুৰী, সাংগঠনিক সম্পাদক নুৰুজ্জামান, যুৱ মৰ্চাৰ সভাপতি অধিবক্তা আমিনুল হক বৰভূঞা, সাধাৰণ সম্পাদক আবুল হাসিম, সম্পাদক আব্দুল কালাম, সমষ্টি সমিতিৰ সভাপতি আব্দুল লতিফৰ  লগতে দলৰ বিভিন্ন স্তৰৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই জনবিৰোধী নীতিৰ প্ৰতিবাদ জনায়৷