বিদ্যুৎ বিভাগৰ গাফিলতি, পথত পৰি থকা তাৰত লাগি ১৩ বছৰীয়া ছাত্ৰৰ মৃত্যু

নগাঁওঃ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে নগাঁও জিলাৰ ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ অন্তৰ্গত লাংগীয়া গাঁৱৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰ বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যু আকোৱালি লোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ 

এই ঘটনা সংঘটিত হয় শুকুৰবাৰে৷ লাংগীয়া গাঁৱৰ নিবাসী আব্দুল খালেকৰ পুত্ৰ তথা জেঙনীস্থিত নুৰুণ নেহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰিফুল ইছলাম (১৩) ২৭ এপ্ৰিলৰ বিয়লি প্ৰায় ৫ মান বজাত ঘৰৰ ওচৰতে উন্মুক্ত বিদ্যুতৰ তাৰত লাগি কৰুণ মৃত্যুক আকোৱালি লয়৷

স্থানীয় ৰাইজ তথা ছাত্ৰজনৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, যোৱা ২৫ এপ্ৰিলৰ বিধ্বংসী ধুমুহাৰ ফলত ধিং বিদুৎ উপ-সংমণ্ডলৰ অধীনৰ লাংগীয়া গাঁৱৰ  ট্ৰেন্সফাৰৰ বহু বিদ্যুতৰ তাৰ ছিঙি মাটিত পৰিছিল৷ বিভাগে তাৰ সমূহ পুনৰ লগাই দিয়া তথা মানুহক বিপদৰ পৰা ৰক্ষা কৰিবলৈ কোন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

গাঁও খনৰ কামাল উদ্দিনে বিদ্যুৎ বিভাগৰ কোনো কৰ্মচাৰীৰ সৈতে যোগাযোগ নকৰাকৈ সম্পূৰ্ণ মইমতালিৰে নিজৰ ধান মিল চলোৱাৰ বাবে নিজেই ট্ৰেন্সফাৰৰ পৰা ছিঙি পৰা তাৰ সংযোগ দিয়ে৷

যাৰ ফলত মাটিত পৰি থকা বিদ্যুৎ প্ৰৱাহিত তাৰত লাগি ছাত্ৰজনে অকালতে মৃত্যুক সাৱটি লবলগীয়াত পৰে৷ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি তথা মিলৰ গৰাকীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এজন ছাত্ৰই কৰুণ মৃত্যুক সাৱটিবলগীয়া হোৱা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

ইফালে, ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ছাত্ৰজনৰ এনে অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷