বন্ধুৰ সৈতে নৈত গাধুবলৈ গৈ প্ৰাণ হেৰুৱালে অংকিতে

খেৰণিঃ নৈত গাধুবলৈ গৈ ২০ বছৰীয়া যুৱকে প্ৰাণ হেৰুৱাই পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীবস্তীত৷ কপিলী নৈত গা-ধুবলৈ গৈ মৃত্যুক আকোৱালি লয় খেৰণিৰ পুৰণা-বস্তিৰ বিষ্ণুদেৱ শুক্লাৰ পুত্ৰ অংকিত শুক্লাই।

জানিব পৰা মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত যুৱকজনে দুই বন্ধুৰ সৈতে ঘৰৰ পৰা কিছু নিলগৰ কপিলিত গা ধুবলৈ যাই৷ গা ধুই থকা অৱস্থাতে যুৱকজনে হঠাৎ পানীত ডুব যায়। লগত যোৱা দুই বন্ধুৱে চিঞৰ-বাখৰ কৰাত নৈৰ পাৰত বহু লোকৰ সমাগম হয়৷ এগৰাকীলোকে যুৱকজনক নৈৰ পৰা উদ্ধাৰৰ চেষ্টা কৰে যদিও বিফল হয়।

ইয়াৰ পাছতেই খবৰটো ৰাষ্ট্ৰ হৈ পৰাত বহু লোক ঘটনাস্থলিত উপস্থিত হয় আৰু সন্ধানহীন যুৱকজনক উদ্ধাৰ কৰাৰ চেষ্টা কৰে। প্ৰায় ৩ ঘন্টাৰ অন্তত যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাইজে। অকাল মৃত্যুক আঁকোৱালি লোৱা অংকিত শুক্লা স্নাতক বৰ্ষৰ ছাত্ৰ আছিল৷ যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।