মুখ্যমন্ত্ৰীৰ গৃহ জিলাত পথৰ দুখ লগা অৱস্থা, দুৰ্ঘটনাত মৃত্যু ১৫ বছৰীয়া ছাত্ৰৰ

চাবুৱাঃ জৰাজীৰ্ণ পথ নহয় এতিয়া যেন মৰণফান্দ হে। এই মৰণফাণ্ডত নিতৌ মৃত্যুই হাত বাউল দি মাতে মানুহক। চৰকাৰে পৰিবৰ্তনৰ শ্ল'গান দি এতিয়া মৃত্যুৰ মুখত এৰি দিছে মানুহক। তাৰ মাজতে কৰুণ মৃত্যুক সাৱটিলে এজন ছাত্ৰই৷ বাৰম্বাৰ ৰাইজে পথ মেৰামতিৰ দাবী জনাই অহাৰ পিছতো গা নলৰিল গড়কাপ্তানী বিভাগৰ৷ হয়, আপুনু ধৰিব পাৰিছে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ কথাই কৈছো।

ঐতিসাহিক চাবুৱা-টেঙাখাত সংযোগী গড়কাপ্তানীৰ পথ বছৰ বছৰ ধৰি মেৰামতি নকৰাত দিনে দিনে বেয়াৰ ফালে ঢাল খাই অহাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বহু পুৰ্বৰে পৰাই পুণৰ নিমাৰ্ণৰ বাবে দাবী জনাই অাহিছিল৷

পথ মেৰামতি নকৰাৰ ফলত দেওবাৰে পথটোত হোৱা এক দুৰ্ঘটনাত ১৫ বছৰীয়া এজন ছাত্ৰৰ মৃত্যু হয়৷  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে  যুটীয়া এক বিবৃতিৰ জৰিয়তে দিনে নিশাই উক্ত পথেৰে শিল, বালি, ইটাৰ লগতে চাহ পাতৰ বৈধ-অবৈধভাৱে শ শ ট্ৰাক অহা যোৱা কৰে।

যাৰ বাবে সাধাৰণ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত যঠেষ্ট অসুবিধাৰ সন্মুখীন হয়। লগতে পথটোত পুখুৰীসদৃশ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ ফলত পথেৰে অহা-যোৱা কৰা গাঁৱৰ সাধাৰণ চাইকেল আৰু ঠেলাৱালাৰ বাবে এতিয়া পথটো ব্যৱহাৰৰ বাবে একপ্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে।

ইপিনে দেওবাৰে পথেৰে চাইকেলেৰে চাবুৱা বামচুমণী গাঁৱৰ ১৫ বছৰীয়া দ্বিপ চেতিয়া নামৰ ছাত্ৰজনে সমনীয়াৰ লগত চাবুৱালৈ গৈ থকাৰ সময়তে এখন কয়লাৰ ট্ৰাকক পথ এৰি দিবলৈ গৈ প্ৰকাণ্ড গাতঁত পৰে আৰু বেয়াকৈ আঘাট প্ৰাপ্ত হয়।

তাৰ পিছতেই ছাত্ৰ জনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও পৰৱৰ্তী সময়ত চিকিৎসকে ছাত্ৰ জনক মৃত বুলি ঘোষণা কৰে৷ যাৰ ফলত স্থানীয় ৰাইজৰ লগতে সংগঠন দুটাই গড়কাপ্তানী বিভাগক অতি সোনকালে উক্ত পথটো নিমাণ কৰিবলৈ দাবী জনাই সোমবাৰৰ পৰা পথটোত অনিৰ্দিষ্টকাললৈ গধুৰ যান-বাহন চলাচল বন্ধ ৰাখিছে। লগতে সংগঠনদুটাই কয় যে পথটোত সৃষ্টি হোৱা দ-দ পুখুৰীসদৃশ গাঁতসমূহ মেৰামতি নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব ।