
অভয়াপুৰীঃ এগৰাকী শিক্ষকে তিনিগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা উত্তাল হৈ পৰে অভয়াপুৰী অঞ্চল৷ ৰাজ্যৰ বিভিন্ন ঠাইত একাংশ শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে মঙলবাৰে অভয়াপুৰীৰ শালবাৰীস্থিত St. Clare Of Assis নামৰ বিদ্যালয় খনৰ জহিৰুল ইছলাম নামৰ এগৰাকী শিক্ষকে অষ্টম শ্ৰেণীৰ তিনি গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
মঙলবাৰে অভিযুক্ত শিক্ষকক শাস্তি দিয়াৰ দাবীত বিদ্যালয়ৰ চৌহদ উত্তাল কৰে। আনহাতে ৰাইজে উত্তাল প্ৰতিবাদ কৰাৰ উমান পাই অভিযুক্ত শিক্ষক জহিৰুল ইছলামে বিদ্যালয়ৰ পৰা পলায়ন কৰে৷ পূৰ্বেও শিক্ষকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল৷
বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে ৰক্ষণা-বেক্ষণ দি পলুৱাই পঠিওৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ আনহাতে উত্তেজিত ৰাইজে বিদ্যালয়ৰ ফাদাৰ গকাকীক প্ৰহাৰ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷
শেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু বিদ্যালয় খনৰ ফাদাৰ গৰাকীক থানালৈ লৈ আনে। ইপিনে ক্ষোভিত ৰাইজে আৰক্ষীক অভিযুক্ত শিক্ষক গৰাকীৰ কঠোৰ শাস্তিৰ দাবী জনায়। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷