পাহাৰত অবৈধ বিস্ফোৰণ, শিল বাগৰি আহি সোমাল শ্ৰেণীকোঠাত, ছাত্ৰী আহত

newsnextone.com | অভয়াপুৰীঃ ৰাজ্যত আজিও অব্যাহত আছে পাহাৰ ধ্বংস অভিযান৷ এটি চক্ৰই চৰকাৰক বুঢ়া আঙুলি দেখুৱাই এফালৰ পৰা পাহাৰ ধ্বংস কৰি গৈছে৷ সেউজীয়া পাহাৰ ধ্বংস কৰি পুঁজপিতিয়ে নিৰ্বিঘ্নে কোটি কোটি টকাৰ ঠিকাৰ কাম চলাই গৈছে৷ বঙাইগাঁও জিলাতো ৰেল পথ নিৰ্মাণৰ নমাত প্ৰশাসনৰ চকুৰ সন্মুখতে ইখনৰ পিছত সিখন পাহাৰৰ গছ-গছনি, শিল, মাটি খনন কৰি আহিছে এটি প্ৰভাৱশালী চক্ৰই৷

তাৰ মাজতে অভয়াপুৰীৰ দক্ষিণ বইটামাৰীত স্কুলত পাঠদান চলি থকাৰ সময়তে পাহাৰৰ পৰা শিল বাগৰি আহি এগৰাকী ছাত্ৰী আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, দক্ষিণ বইটামাৰীৰ ৰাখাল ঠাকুৰ পাহাৰত শিল ভঙাৰ বাবে বোমা বিস্ফোৰণ সংঘটিত কৰাৰ সময়তে পাহাৰৰ পৰা প্ৰকাণ্ড শিল এটি বাগৰি আহি দক্ষিণ বইটামাৰী হাই মাদ্ৰাছাৰ শ্ৰেণী কোঠাত সোমাই৷ 

ফলত এগৰাকী ছাত্ৰীৰ দেহত লাগে শিলটো আৰু ছাত্ৰীগৰাকী আহত হয়৷ আহত ছাত্ৰীগৰাকী আনজিৰা খাটুন বুলি জানিব পৰা যায়৷ দিনৰ ১১ বাজি ৩০ মিনিটত বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত শিলে খুন্দা মৰাৰ ফলত ছাত্ৰী আনজিৰা খাটুন গুৰুতৰ ভাবে আহত হয়৷ 

আহত আনজিৰা খাটুনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পাহাৰ খনত নায়ক প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাটোৱে দীৰ্ঘদিন ধৰি বিস্ফোৰণ ঘটায় শিল ভাঙি আহিছে৷

নিৰ্মিয়মান নিউ ময়নাগুৰী-যোগীঘোপা ৰে’লপথ নিৰ্মাণৰ বাবে বোমা বিস্ফোৰণ ঘটোৱাৰ ফলত বহু লোকে কানৰ ৰোগ আক্ৰান্ত হোৱাৰ লগতে জীৱ জন্তুৰ ক্ষতি হৈ অহা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে৷ ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা সহ আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি বিস্ফোৰণ কাৰ্যত জড়িত থকা ২ জন লোকক আটক কৰে।