ফেচবুকত অশালীন মন্তব্য কৰি বহিস্কৃত ছাত্ৰনেতা

নগাঁওঃ ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত কলেজীয়া ছাত্ৰীৰ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰি বহিস্কৃত হ’বলগীয়া হ’ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলাৰ সভাপতি ইয়াজীৱ হুছেইন৷

আৰক্ষীয়ে ইতিমধ্যে আটক আটক কৰা ছাত্ৰ নেতাজনে ফেচবুকত উক্ত অশালীন মন্তব্য তেওঁ প’ষ্ট কৰা নাই বুলি দাবী কৰিলেও ছাত্ৰ সংগঠনটোৱে তৎকালে কাৰ্যকৰী হোৱাকৈ সংগঠনৰ পৰা বহিস্কাৰ কৰে।

এক আলোচনা মৰ্মে উচিত আৰু নিৰপেক্ষ তদন্তৰ স্বাৰ্থতে জিলা সমিতিৰ সভাপতি ইয়াজীৱ হুছেইনকসংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছে বুলি জানিবলৈ দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি বিতু সোণোৱাল, কাৰ্যকৰী সভাপতি মানৱ কোঁৱৰ, আশ্ৰাফুল ইছলাম আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই।

উল্লেখ্য, যোৱা ৮ মে’ত ছাত্ৰ নেতা ইয়াজীৱ হুছেইনে ফেচবুকত অসমীয়া যুৱতীৰ বিৰুদ্ধে এটা অশালীন আৰু আপত্তিজনক মন্তব্য প’ষ্ট কৰিছিল।