
নলবাৰীঃ শ্ৰেণীকোঠা এৰি ৰাজ পথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী৷ নলবাৰীৰ দৌলাশালত মঙলবাৰে কণ কণ ছাত্ৰ-ছাত্ৰী ওলাই আহিল ৰাজ পথলৈ৷
হাজো-দৌলাশাল-বৰপেটা গড়কাপ্তানী পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ পথটোৰ দৌলাশালত থকা মজলীয়া বিদ্যালয়ৰ সন্মুখত গতিৰোধক স্থাপনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে৷
পথটোত সঘনাই দুৰ্ঘটনা সংঘটিত অহাৰ বাবে এক নৱেম্বৰতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নলবাৰী জিলাৰ উপায়ুক্তক গতিৰোধক স্থাপন কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও জিলা প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল৷
যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পথ অৱৰোধ কৰাৰ ফলত প্ৰায় একঘণ্টা সময় পথটোত যান-বাহন চলাচল বন্ধ হৈ পৰে। অৱশেষত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া ৰক্তিম বৰুৱা অৱৰোধস্থলিত উপস্থিত হৈ গতিৰোধক স্থাপনৰ আশ্বাস দিয়াত কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ছাত্ৰ-ছাত্ৰীয়ে৷