
কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববদ্যালয়ৰ অন্তৰ্গত ৫১ খন মহাবিদ্যালয়ৰ ভিতৰত ২৩ খন মহাবিদ্যালয়ে পুণৰাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন কৰিছে। বিটিএডিৰ ৫১ খন মহাবিদ্যালয়ৰ ২৩ খন ১২ বি মৰ্যদাপ্ৰাপ্ত মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন কৰাৰ পিছতে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া স্নাতকোত্তৰ আৰু স্নাতক পৰ্যায়ৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমুহ নিদিষ্ট মহাবিদ্যালয় সমুহে সাময়িকভাৱে স্থগিত তথা বাতিল কৰাত ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে।
উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিজৰেই ইউজিচিৰ ১২ বি-ষ্টেটাচ নথকাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনলৈ অহা ২৩ খন ১২ বি-ষ্টেটাচ সম্পন্ন মহাবিদ্যালয়ে ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছিল। বিভিন্ন সময়ত মহাবিদ্যালয়সমুহে নিজৰ অসুবিধাৰ কথা প্ৰকাশ কৰি অহাৰ পিছতো বড়োলেণ্ড বিশ্ববিদ্যালয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অসন্তুষ্টিয়ে দেখা দিছিল আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ১২ বি-ষ্টেচাচ নথকাৰ বাবে ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমুহে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা বঞ্চিত হোৱাৰ লগতে আন আনুসংগিক অসুবিধাৰ সৃষ্টি হৈছিল।
১২ বি-ষ্টেটাচ বিষয়টোক লৈয়ে জটিলতাৰ সৃষ্টি হোৱাত যোৱা ৬ ডিচেম্বৰত গুৱাহাটীত অসম চৰকাৰ, বিটিচি চৰকাৰ, বড়োলেণ্ড বিশ্ববিদ্যালয়, কলেজ সমুহৰ অধ্যক্ষসকলক লৈ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ যত ১২ বি-ষ্টেটাচ থকা মহাবিদ্যালয় পুণৰাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২৩ খন মহাবিদ্যালয়ে ইমানদিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ পাঠ্যক্ৰম অনুসৰি পাঠদান কৰাৰ অন্তত হঠাতে গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন কৰাত নীতিগতভাৱে মহাবিদ্যালয়সমুহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ গুচি যায় আৰু বৃহস্পতিবাৰৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম অনুসৰি আৰম্ভ হোৱা পৰীক্ষাসমুহ চলোৱাত বাধা আহি পৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ে নিজৰ পাঠ্যক্ৰম অনুসৰি হে পৰীক্ষা অনুষ্ঠিত কৰে আৰু সেয়েহে গোটেই বৰ্ষ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম অধ্যায়ন কৰি হঠাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পৰীক্ষা দিয়া কাৰ্যও ছাত্ৰ-ছাত্ৰীৰ বাবে এক অসম্ভৱ কাৰ্যত পৰিণত হোৱাত পুণৰাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন কৰা একাংশ মহাবিদ্যালয়ে হঠাতে শুকুৰবাৰে পৰীক্ষা স্থগিতৰ জাননী জাৰি কৰে। পৰীক্ষাৰ বাবে সম্পূৰ্ণ সাজু হোৱা ছাত্ৰ-ছাত্ৰীসকল বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ এনে কাণ্ডজ্ঞানহীন কাণ্ডত হতচকিত হৈ পৰে আৰু নিজৰ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে।
ইয়াৰ মাজতে আকৌ ১২ বি-ষ্টেটাচ নথকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ত পৰীক্ষা সুকলমে অনুষ্ঠিত হয়। আশ্চৰ্যজনকভাৱে আকৌ ১২ বি-ষ্টেচাচ সম্পন্ন একাংশ মহাবিদ্যালয়ৰ স্নাতকত্তোৰ শাখাৰ পৰীক্ষাৰ্থীসকল বড়োলেণ্ড বিশ্ববিদ্যালয়ত পৰীক্ষাত অৱতীৰ্ণ হয়। একেটাই পৰীক্ষা কৰবাত স্থগিত হোৱা আৰু কৰবাত সুকলমে অনুষ্ঠিত হোৱা কাৰ্যত ছাত্ৰ ছাত্ৰীসকল ক্ষোভিত হৈ পৰিছে। প্ৰণিধানযোগ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত নাকৰ পৰিদৰ্শনেই হোৱা নাই। তদুপৰি ১২ বিৰ বাবে প্ৰয়োজনীয় ১৪টা বিভাগত অধ্যাপকৰ পদ খালী হৈ আছে অথচ অধ্যাপক নিযুক্তিৰ বাবে অসম চৰকাৰে নমাহ পূৰ্বেই বড়োলেণ্ড বিশ্ববিদ্যালয়ক অনুমোদন দিছে।
বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ বাহিৰে আন কোনো বিভাগত অধ্যাপক নথকাত ১২ বি-পোৱাৰ ক্ষেত্ৰত অন্তৰায় হৈ পৰিছে। এখন বিশ্ববিদ্যালয়ে নাকৰ পৰিদৰ্শন তথা গ্ৰেড অবিহনে তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ চৰ্তসমুহ পুৰণ নকৰালৈকে ১২ বি-মৰ্য্যদা নাপায় যাৰ পৰিণতিত আন্তগাঁথনি উন্নয়ণকে ধৰি বহু সা-সুবিধাৰ পৰা বঞ্চিত হয়।
বিশ্ববিদ্যালয়ৰ ১২ বি-মৰ্যদা নাথাকিলে আৰু তেনে বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়-বিশ্ববিদ্যালয় অনুদান আয়োগৰ সা-সুবিধাসমুহৰ পৰা বঞ্চিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তথা আন অানুসংগিক কাৰণত বিটিএডিৰ ২৩ খন মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছতে শ-শ ছাত্ৰ-ছাত্ৰী পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ খামখিয়ালী, হেমাহী আৰু অান্তঃকন্দলৰ বাবেই ছাত্ৰ-ছাত্ৰীসকল দূৰ্ভোগত ভূগিব লগা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে।