গোৰেশ্বৰ মহাবিদ্যালয়ত ২৮ জন ঠিকাভিত্তিক শিক্ষক, বাণিজ্য শাখা চলিছে এজন শিক্ষকেৰে, ছাত্ৰ-ছাত্ৰীৰ হাহাকাৰ

filephoto
filephoto

গোৰেশ্বৰঃ দেশৰ প্ৰতিখন চৰকাৰে নিৰ্বাচনৰ সময়ত শিক্ষাৰ অধিকাৰ আইনৰ কথা কৈ আহিছে৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিছত শিক্ষাৰ অধিকাৰ আইনৰ কথা পাহৰি যায় ৰাজনৈতিক দল তথা চৰকাৰে৷ দেশৰ তথা আমাৰ ৰাজ্যখনৰ এনে বহু ঠাই আছে যিসমূহ ঠাইত শিক্ষানুষ্ঠানৰ সমস্যাৰ বাবে আজিও উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছে কৃষক, দৰিদ্ৰ, শ্ৰমিকৰ সন্তানে৷ 

ৰাজ্যৰ ৰাজহুৱা শিক্ষা খণ্ডৰ অধিনৰ শিক্ষানুষ্ঠানৰ অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খোৱাৰ ফলতেই ভাল শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে ছাত্ৰ-ছাত্ৰীয়ে৷ শ্ৰেণী কোঠাৰ অভাৱ, শিক্ষকৰ অভাৱ, সা-সৰঞ্জামৰ অভাৱত ৰাজহুৱা শিক্ষা খণ্ড এতিয়া ককবকাব লগা গৈছে৷ ৰাজ্যৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ ৩৫ হেজাৰ অপ্ৰাদেশিকৃত শিক্ষকে প্ৰতিবাদ কৰি অহাৰ ফলতো গ্ৰাম্য অঞ্চলৰ শিক্ষা ব্যৱস্থাত বিৰূপ প্ৰভাৱ পৰিছে বুলি চৰ্চা হৈ আহিছে৷ 

অসমত ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান গঢ়ি ছাত্ৰ-ছাত্ৰীক মানুহ কৰি গঢ়ি তোলাৰ দায়িত্ব লোৱাৰ পিছতো ৰাজ্যৰ শিক্ষা বিভাগে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে ২৫-৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰা শিক্ষক সমাজক। জীৱন আৰু জীৱিকাৰ তাড়নাত বছৰ বছৰ ধৰি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰা হৈছে অপ্ৰাদেশিকৃত শিক্ষকক। 

কিন্তু ইমানে নহয় উচ্চ শিক্ষাৰ ক্ষেত্ৰখনতো ৰাজ্যৰ একেই অৱস্থা৷ গ্ৰাম্য অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠানতো এতিয়া চৰম বিশৃংখল অৱস্থাৰ সৃষ্টি হৈছে৷ মানৱ সম্পদ উন্নয়ন কৰাৰ স্বাৰ্থত অসমৰ বিজ্ঞ লোকে স্থাপন কৰি থৈ যোৱা মহাবিদ্যালয় সমূহৰো একেই অৱস্থা৷ বহু মহাবিদ্যালয় আজিও চৰকাৰীকৰণ হোৱা নাই৷ বহু মহাবিদ্যালয়ৰ চৰকাৰীকৰণ হৈছে যদিও বহু বিভাগ আজিলৈ চৰকাৰীকৰণ হোৱা নাই৷ বহু বিদ্যালয় ঠিকাভিত্তিক শিক্ষকৰ চলিছে৷

শৈক্ষিক নিয়ম-নীতি মতে মহাবিদ্যালয় সমূহত শিক্ষক নোহোৱাকৈ চলা থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বহু বাধ্যবাধকতা আৰোপ কৰি ৰাজহুৱা শিক্ষা ধ্বংস কৰি ব্যক্তিগত খণ্ডৰ শিক্ষাক ৰঙা দলিচা পাৰি দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷

শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগে শিক্ষকৰ নহয় ছাত্ৰ-ছাত্ৰীৰ কথাহে চিন্তা কৰে বুলি কৈ আহিলেও ৰাজহুৱা শিক্ষাৰ মৌলিক সমস্যা সমাধান কৰিবলৈ পাহৰিছে বুলি অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ বহু মহাবিদ্যালয়ৰ দৰে বাক্সা জিলাৰ উচ্চশিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ৰ বহু বিভাগৰ তথ্যই উদঙাইছে শিক্ষা বিভাগৰ স্বৰূপটো৷ 

ৰাজ্যত প্ৰতি ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক নিযুক্তি দিয়া বুলি কৈ আহিলেও শিক্ষামন্ত্ৰীগৰাকীৰ মিথ্যাচাৰ প্ৰমাণ হৈছে গোৰেশ্বৰ মহাবিদ্যালয়ত। কলা আৰু বাণিজ্য শাখাৰ কেবাটাও বিভাগত অধিকাংশ শিক্ষকৰ পদ খালী হৈ থকাত মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বাধাগ্ৰস্ত হৈছে। বাণিজ্য শাখা আৰু বিজ্ঞান শাখা প্ৰাদেশিকীকৰণৰ হ'বলৈ আজিও বাকী আছে। 

মহাবিদ্যালয়খনত কলা শাখাত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত ৰাজ্যৰ শিক্ষা বিভাগ শিক্ষকৰ অভাৱ পূৰণ কৰিব পৰা নাই৷ ষান্মাসিক পদ্ধতি জাৰি হোৱাৰ পিছত স্নাতক পৰীক্ষা সমূহৰ ফলাফল কিছু উন্নত হৈছে যদিও উচ্চতৰ মাধ্যমিকৰ ফলাফল দুৰ্বল। ফলাফল দুৰ্বল হোৱাৰ বিভিন্ন কাৰণ আছে যদিও স্থায়ী শিক্ষকৰ অভাৱ মুখ্য কাৰণ হিচাপে বিবেচিত হৈছে। 

উল্লেখ্য যে, শিক্ষাবিভাগে স্থায়ী শিক্ষক নিযুক্তি নিদি মহাবিদ্যালয়সমূহত অংশকালীন আৰু ঠিকাভিত্তিত শিক্ষক অতি কম দৰমহাত খটুৱাই ৰাখিবলৈ দি উচ্চ শিক্ষাক এক প্ৰহসনত পৰিণত কৰিছে। শিক্ষাবিভাগে কম সংখ্যক স্থায়ী শিক্ষকৰে চৰকাৰৰ কেৱল ৰাজহ ৰক্ষা কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশটোক উন্নত কৰিবলৈ   সক্ষম হোৱা নাই।  

বিশ্ববিদ্যালয় অনুদান আয়োগ নতুবা গুৱাহাটী বিশ্ববিদ্যালয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা। গোৰেশ্বৰ মহাবিদ্যালয়ক এবাৰ বড়োলেণ্ড বিশ্ববিদ্যালয় এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ টনা আজোৰা কৰি ছাত্ৰ-ছাত্ৰীকহে হাৰশাস্তি কৰি থকা বুলি অভিযোগ উঠিছে। গোৰেশ্বৰ মহাবিদ্যালয়ত শিক্ষকৰ পদ খালী থকা বিষয়টোত মহাবিদ্যালয় পৰিচালনা সমিতিৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে সমস্যা ভোগ কৰি আছে।  

গোৰেশ্বৰ মহাবিদ্যালয়ত সৰ্বমুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় দুই হাজাৰ এশ জন। এই বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয় কৰ্তৃপক্ষই শ্ৰেণী সমূহৰ পাঠদানৰ জোৰা  মাৰিবলৈ অধিকাংশ অংশকালীন তথা ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিবলৈ বাধ্য হৈছে। তথ্যমতে মহাবিদ্যালয়খনত অসমীয়া বিভাগৰ মুঠ মঞ্জুৰীকৃত শিক্ষকৰ পদৰ সংখ্যা ৫ জন। কিন্তু বৰ্তমান কেৱল ২ জন স্থায়ী শিক্ষকহে থকাৰ বিপৰীতে খালী হৈ আছে ৩ টা পদ। 

বিভাগটোত ঠিকাভিত্তিক শিক্ষকৰ সংখ্যা ৩ জন। তৰ্ক আৰু দৰ্শন শাস্ত্ৰ বিভাগৰ মুঠ পদ ২ টাৰ বিপৰীতে এটা পদতহে শিক্ষক আছে। আনটো পদ এতিয়াও খালী। ২ জন ঠিকাভিত্তিক শিক্ষকে শিক্ষকতা কৰি আছে বিভাগটোত। ৰাজনীতি বিজ্ঞান বিভাগত মুঠ তিনিটা পদৰ খালী পদ এটা। এইটো বিভাগতো ২ জন ঠিকাভিত্তিক শিক্ষকৰেহে শ্ৰেণী সমূহৰ জোৰা মৰা হৈছে। 

বুৰঞ্জী বিভাগত মুঠ পদ ৩ টা। ২ জন স্থায়ী শিক্ষকৰ বিপৰীতে ঠিকাভিত্তিক শিক্ষক আন ২ জন। খালী পদ এটা। গণিত বিভাগৰ ২ টা পদৰ এজনহে শিক্ষক নিযুক্ত হৈ আছে। আনটো পদ আজি প্ৰায় দহ বছৰ ধৰি শূন্য হৈ আছে। ইপিনে বড়ো বিভাগত তিনিজন, শিক্ষা বিভাগত ২ জন, ইংৰাজী বিভাগত ২ জন আৰু অৰ্থনীতি বিভাগত ১ জন ঠিকাভিত্তিত শিক্ষকে কাম কৰি আছে। এইকেইটা বিভাগত পদ খালী হৈ থকা নাই।  

ইংৰাজীত ৩, শিক্ষাত ২, বড়োত ২ আৰু অৰ্থনীতি বিভাগত ৪ জন স্থায়ী শিক্ষকে নিজৰ পদত কাৰ্যৰত হৈ আছে। এই বিভাগসমূহতো আৰু শিক্ষকৰ প্ৰয়োজন আছে বুলি  জানিব পৰা গৈছে। ইপিনে বাণিজ্য শাখাত মঞ্জুৰীকৃত শিক্ষকৰ পদৰ সংখ্যা ১টা। ইয়াত কেৱল এজন স্থায়ী শিক্ষকৰ বিপৰীতে ঠিকাভিত্তিত শিক্ষকৰ সংখ্যাই অধিক। মুঠ ১১ জনকৈ ঠিকাভিত্তিক শিক্ষকক নিযুক্তি দিহে শাখাটো চলাই থকা দেখা গৈছে। 

দেখা যায় যে কলা শাখাত মুঠ ২৬ জন স্থায়ী শিক্ষকৰ প্ৰয়োজন যদিও মাত্ৰ ১৮ জনহে স্থায়ী শিক্ষক আছে। মুঠ মঞ্জুৰীকৃত ৬ জন শিক্ষকৰ পদ খালী হৈ আছে  মহাবিদ্যালয়খত। কেতবোৰ বিভাগত শিক্ষকৰ অনুমোদিত পদৰ সংখ্যা বৃদ্ধি কৰাৰো প্ৰয়োজন হৈ পৰিছে। আনহাতে ঠিকাভিত্তিক শিক্ষক কলা শাখাত ১৭ আৰু বাণিজ্য  শাখাত ১১জন সহ মুঠ ২৮ জন। অৱশ্যে স্নাতক পৰ্যায়ত এইবেলিহে বিজ্ঞান শাখা আৰম্ভ হৈছে। 

এই শাখাটো প্ৰাদেশিকীকৰণৰ কৰা দাবী কৰি থকা হৈছে। যিটো সময়ত মহাবিদ্যালয়খনত স্থায়ী শিক্ষকৰ সংখ্যাই তাকৰ তাৰ পিছতো আকৌ জিলা প্ৰশাসনে শিক্ষকসকলক ব্যস্ত কৰি ৰাখিছে এনআৰচিত। অসমীয়া বিভাগৰ ১ জন, বুৰঞ্জী বিভাগৰ ১ জন,  অৰ্থনীতি বিভাগৰ ২ জন, ইংৰাজী বিভাগৰ ১ জন আৰু বাণিজ্য শাখাৰ একমাত্ৰ স্থায়ী শিক্ষক জনক ধৰি মুঠ ৬ জন শিক্ষকক দীৰ্ঘদিন ধৰি ব্যস্ত কৰি ৰখা হৈছে এন আৰচিত।

বাণিজ্য শাখাৰ এজনেই স্থায়ী শিক্ষক তেওঁকো কেবামাহ ধৰি এন আৰচিত ৰখাৰ ফলত শ্ৰেণীত ছাত্ৰ-ছাত্ৰীয়ে পাঠগ্ৰহণত অসুবিধাৰ সম্মুখীন হৈছে। এনেদৰে এখন  উচ্চশিক্ষাৰ অনুষ্ঠান চলি থকাৰ পিছতো ৰাজ্যৰ শিক্ষাবিভাগে পৰ্যাপ্ত পৰিমাণে শিক্ষক নিযুক্তি দিয়া বুলি কৈয়ে দায় সাৰিবলৈ চেষ্টা কৰাই নহয় পবিত্ৰ বিধানসভাত চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈছে।