মুখথেকেছা! সুবোধ বিশ্বাসসহ ৫৪ জনৰ জামিন নাকচ

চিচিবৰগাঁওঃ ৰাজ্য কপাই যোৱা চিলাপথাৰ কাণ্ডৰ নায়ক সুবোধ বিশ্বাসসহ ৫৪জনৰ জামিন আবেদন পুনৰ নাকচ কৰিলে আদালতে৷ চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাস, সুভাস বিশ্বাস, বেণীমাধৱ ৰায়, সহদেৱ দাসসহ ৫৪ গৰাকী অভিযুক্তৰ জামিন আবেদন ধেমাজিৰ সত্ৰ ন্যায়ধীশ আৰু উচ্চ ন্যায়ালয়ত বাবে বাৰে মুখথেকেচা খাই অৱশেষত সুবোধ বিশ্বাসৰ অধিবক্তাই উচ্চতম ন্যায়লায়ত জামিন আবেদন কৰিছিল৷ উল্লেখ্য যে, ধেমাজিৰ চিলাপথাৰত বঙালী উদ্ধাস্তু সমিতি নামৰ সংগঠনটোৱে এখন সভা অনুষ্ঠিত কৰিছিল৷

সভাৰ পূৰ্বে সমদল উলিওৱাৰ সময়ত চিলাপথাৰ টাউনত সমদলকাৰীয়ে আছুৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে শ্বহীদ বেদীত, গামোচা, সুধাকন্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি লণ্ড-ভণ্ড কৰিছিল৷ ইয়াৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনে৷ ৰাজ্যবাসীৰ দাবীত সেও মানি আৰক্ষীয়ে অভিযান চলাই মূল অভিযুক্ত সুবোধ বিশ্বাসসহ মুঠ ৫৪ গৰাকী লোকক আটক কৰে৷

চিলাপথাৰ কাণ্ডৰ মুল খলনায়ক সুবোধ বিশ্বাস সহ ৫৪ জন অভিযুক্তৰ জামিন আবেদন বৃহস্পতিবাৰে নাকচ কৰে উচ্চতম ন্যায়ালয়ে। অহা ফেব্ৰুৱাৰীত পুনৰ শুনানীৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়লয়ে। জানিব পৰা মতে, নিম্ন আদালতে অহা মাৰ্চ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। নিম্ন আদালতে ইতিমধ্যে ৪০ জন সাক্ষীৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছে। ৭ জনৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ এতিয়াও বাকী আছে।

ইফালে আইনৰ সুৰুঙাৰে কোনো এজন অভিযুক্তই যাতে বাছি যাব নোৱাৰে এই সম্পৰ্কত সকলো পক্ষকে সজাগ হ’বলৈ আহ্বান জনাইছে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়াই। আনহাতে বাৰে বাৰে জামিন আবেদন কৰি আদালতত মুখ থেকেচা খাবলগীয়া হৈছে চিলাপথাৰ কাণ্ডৰ অভিযুক্তসকলে। আদালতে পুনৰ নাকচ কৰে সুবোধ বিশ্বাস, সুভাস বিশ্বাস, বেণীমাধৱ ৰায়, সহদেৱ দাসসহ ৫৪ জন অভিযুক্তৰ জামিন আবেদন।