ঢাকাৰ সেনা শিবিৰত আত্মঘাতী বোমাৰুৰ বিস্ফোৰণ

ঢাকাঃ বাংলাদেশৰ ৰেপিড এক্সন বেটেলিয়নৰ শিবিৰতে আত্মঘাতী বোমাৰুৱে অতৰ্কিতে বিস্ফোৰণ ঘটায়।চট্টগ্ৰামৰ সীতাকূল অঞ্চলত শিবিৰ পাতি থকা বেটেলিয়নটোক অচিনাক্ত যুৱকজনে টাৰ্গেট কৰি লৈছিল যদিও বিস্ফোৰণটোত কেৱল উক্ত যুৱকজনহে থিতাতে নিহত হয়।

ঢাকাৰ হজৰত শাহজালাল আন্তৰ্জাতিক বিমান বন্দৰৰ সমীপত অস্থায়ী শিবিৰ পাতি থকা বেটেলিয়নৰ শিবিৰত শুকুৰবাৰে এই বিস্ফোৰণ ঘটোৱা যুৱকজনৰ বয়স ২৫ ৰপৰা ৩০ ৰ ভিতৰত বুলি ১ নং বেটেলিয়নটোৰ অধিনায়ক বিন কাচিমে জনায়। ক’লা পোচাক পৰিহিত যুৱকজনে হাতত এটা ক’লা বেগ লৈ আছিল বুলিও অধিনায়কজনে জনায়।