
তুলসীবাৰী/ৰঙিয়াঃ নিজৰ জীৱন-যৌৱন ধ্বংস কৰি চৰকাৰৰ ভুলৰ বাবে চকুলো টুকি পাৰ কৰা এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৱশেষত আত্মহত্যা কৰিলে বৃহস্পতিবাৰে নিশা৷ বুকুত অযুত যন্ত্ৰণা লৈ চকুলো টুকি দিন পাৰ কৰি অৱশেষত বিদায় ললে এই পৃথিৱীৰ পৰা৷ পৰিয়ালৰ মুৰব্বীগৰাকীয়ে আত্মহত্যা কৰাৰ পিছতে শুকুৰবাৰৰ পুৱাই পত্নী-সন্তানৰ কান্দোনৰ দৃশ্য বৰ্ণনা কৰিব নোৱাৰি৷
হৃদয় বিদাৰক আছিল সেই দৃশ্য৷ জীৱনৰ বেছি সময় এটি চৰকাৰী অনুষ্ঠানত কাম কৰি নিজৰ ঘৰ খন, সন্তান কেইটাৰ বাবে একো কৰিব নোৱাৰি অযুত বেজাৰ লৈ জীয়াই আছিল তেও৷ নিজৰ সন্তানক পঢ়াব নোৱাৰিলে৷ পৰিয়ালটোক একো দিব নোৱাৰাকৈয়ে মেলানি মাগিলে মনোৰাম কুমাৰে৷ সপোন বোৰ-দুখবোৰ বুকুত বান্ধি লৈ মেলানি মাগিলে তেও৷ চৰকাৰে যোৱা ১৪ মাহে দৰমহা দিয়া নাছিল তেওক৷
মনোৰাম কুমাৰৰ দৰে বহু লোকে দৰমহা নোপোৱাকৈ আছে৷ তেওলোকৰ পৰিয়াল বোৰ যেন এতিয়া চৰকাৰ খনৰ বাবে মুল্যহীন৷ তেওলোকৰ পৰিয়াল বোৰ এতিয়া প্ৰশাসনৰ বাবে মুল্যহীন৷ তেওলোকৰ পৰিয়াল বোৰ এতিয়া চৰকাৰৰ বাবে মুল্যহীন৷ তেওলোকক চাকৰি কৰাৰ বাবদ দৰমহা দিব লাগিব বাবেই পৰিয়াল সমূহ এতিয়া ৰাজ্য খনৰ বাবে বোজা স্বৰূপ হৈ পৰিছে৷ চৰকাৰে তেওলোকক চাকৰি দিব লাগিলে ৰাজ কোষৰ ধন খৰছ কৰিব লাগিব৷ তাতকৈ ৰাজকোষৰ ধনেৰে ঠিকাৰ বাবে টকা মুকলি কৰি দিলে ঠিকাদাৰ, মন্ত্ৰী, বিধায়ক, অভিযন্তাই লগে-ভাগে খাব পাৰিব৷
যাৰ বাবে থলুৱা অসমীয়াৰ পৰিয়ালতকৈ আন কোনোবা এতিয়া বেছি আপোন হৈছে চৰকাৰৰ বাবে৷ ৰঙিয়াৰ গৌৰব তুলসীবাৰীস্থিত এপল'মিলৰ পুনৰ কাৰ্যক্ষম কৰণৰ দাবীত ধাৰাবাহিক আন্দোলন চলি থকাৰ মাজতে বৃহস্পতিবাৰে মিলটোৰ শ্ৰমিক, বিছেন্নালা গাঁও নিবাসী মনোৰাম কুমাৰে বাসগৃহৰ পাছফালে গামোচাৰে চিপ লৈ আত্মহত্যা কৰে৷ পত্নী আৰু একমাত্ৰ কন্যা সন্তানৰ সৈতে সুখৰ জীৱন কটাই অহা এপল'শ্ৰমিকগৰাকীয়ে বিগত চৈধ্য মাহে কৰ্মহীন হৈ পৰে৷
তীব্ৰ আৰ্থিক সংকটত জীৱন কটোৱা কুমাৰে আত্মহত্যাৰ পথ বাচি লয়৷ পুৱাৰ ভাগত লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত হুৱা দুৱা লাগে৷ পাছত তুলসীবাৰীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহতো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচি হাস্পাতাললৈ প্ৰেৰণ কৰে৷ এপল'মিল শ্ৰমিক সন্থাই শোক প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ অমনোযোগিতাৰ বাবে মৃত্যুৰ মুখলৈ গতি কৰা এপল'মিলৰ নিষ্ঠাবান শ্ৰমিকএগৰাকীয়ে জীৱনৰ বিয়লি বেলাত আৰ্থিক দুৰৱস্থাৰ বলি হৈ আত্মহত্যাৰ পথ বাচি লোৱা বুলি অভিযোগ উত্থাপন কৰে৷
সন্থাৰ কাৰ্যকৰী সভাপতি কানুৰাম কলিতাই এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিবৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাডী দখল কৰা মুখ্যমন্ত্ৰী সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত অভাৱগ্ৰস্ত শ্ৰমিকে আত্মহত্যাৰ পথ বাচি লবলৈ বাধ্য হোৱাটোৱে আগন্তুক ভয়াবহ দিনৰ ইংগিত বহন কৰা বুলি কয়৷ দুৰ্ভগীয়া শ্ৰমিক-কৰ্মচাৰীৰ প্ৰাপ্যৰ দাবীত ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ ধাৰাবাহিক আন্দোলনক চৰকাৰে গুৰুত্ব আৰোপ নকৰাত এনেদৰে এগৰাকী শ্ৰমিকে আত্মহত্যা কৰে৷
এপল'মিলৰ পুনৰ কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে ৯ কোটি ৩৫ লাখ টকা দিয়াৰ কথা ঘোষষা কৰি কেৱল চমক সৃষ্টি কৰিলে যদিও টকা খিনি ৰাজ্য চৰকাৰে মুকলি কৰি দিয়া নাই৷ শ্ৰমিকগৰাকীৰ পৰিয়াল বৰ্গক উপযুক্ত ক্ষতি পূৰণ প্ৰদানৰ লগতে শীঘ্ৰে ধন ৰাশি মুকলি কৰি মিলটো পুণৰ কাৰ্যক্ষম কৰিবলৈ দাবী উত্থাপন কৰে ৰাইজে৷