নিতৌ নৈৰ বুকুৰে মৰণক শৰণ কৰি বিদ্যালয়লৈ গৈ জিলিকি উঠিল শিৱসাগৰৰ সুদীপ্ত

newsnextone.com | দিচাংমুখঃ দৰিদ্ৰতা কেতিয়াও সোপান সাৰ্থক কৰাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে৷ যদি মনত জয়ৰ সংকল্প আৰু সাধনা থাকে, তেন্তে দৰিদ্ৰতাই কেতিয়াও সফলতাৰ বাট ভেটিব নোৱাৰে৷ এয় প্ৰমাণ কৰি দেখুৱালে শিৱসাগৰ জিলাৰ এজন ছাত্ৰই৷ এসাঁজ ভাত, এযোৰ কাপোৰৰ বাবে সংগ্ৰাম কৰা ছাত্ৰগৰাকীয়ে উজলি উঠিবলৈ সক্ষম হয়৷

শিৱসাগৰ জিলাৰ অন্যতম পিছপৰা হৈছে অঞ্চল ভাটি বনগাঁও৷ পৰিৱৰ্তনকামী চৰকাৰেও ঢুকি নোপোৱা অঞ্চলটোত নাই এখন ভাল শিক্ষানুষ্ঠান অথবা শিক্ষাৰ পৰিবেশ৷ বাৰিষা আহিলেই বানে জুৰুলা কৰা নৈ পৰীয়া গাঁওখনৰ যাতায়তৰ নামত থকা বাট পথৰ অৱস্থাও শোচনীয়৷ কৃষিয়ে অন্যতম জীৱিকা হিচাপে লৈ জীৱন যাপন কৰা গাঁওবাসীয়ে আজিপৰ্যন্ত লাভ নকৰিলে কোনো চৰকাৰী সা-সুবিধা৷ 

অনগ্ৰসৰতা আৰু অশিক্ষতই বিৰাজ কৰা অঞ্চলটোৰ পৰা হঠাৎ জিলিকি উঠিল এটি সম্ভাৱনাৰ ভোটাতৰা৷ অনগ্ৰসৰতাৰ সংগ্ৰামক প্ৰত্যাহ্বান হিচাপে লৈ এইবাৰ অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় সুদীপ্ত দাস নামৰ ছাত্ৰজনে৷ ২৫ মে’ত ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰিক্ষাত সুদীপ্তই আটাইকেইটা বিষয়তে লেটাৰ সহ ডিষ্ট্ৰিংচন লাভ কৰে৷

নৈত দলং নথকাৰ বাবে নিতৌ নৈৰ বুকুৰে মৰণক সৰণ কৰি বিদ্যালয়লৈ গৈছিল সুদীপ্তই৷ অনগ্ৰসৰ অঞ্চলটোলৈ পোহৰৰ ৰেশ বোৱাবলৈ সংকল্প লোৱা সুদীপ্তই কাহানিও পঢ়াৰ বাবে আপোচ কৰা নাছিল৷ এটা সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ পৰা পৰ্যাপ্ত সা-সুবিধা লাভ নকৰা স্বত্বেও একমাত্ৰ শিক্ষাৰ প্ৰতি থকা হাবিয়াস আৰু একাগ্ৰতাৰ বাবেই সুদীপ্তই পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি কয় পিতৃ-মাতৃয়ে৷

ইফালে সুদীপ্তৰ ঈৰ্ষণীয় সফলতাত গৌৰৱ কৰে অঞ্চলটোৰ লোকসকলে৷ মনত একাগ্ৰতা আৰু লক্ষ্য স্থিৰ হ’লে সফলতাই যে এদিন চৰণ চুমে সেয়া প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হয় সুদীপ্তই৷ ফলাফল ঘোষণাৰ পিছতে অঞ্চলটোত আনন্দৰ বন্যা বয়৷ বিভিন্ন জনে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুদীপ্তই ভৱিষ্যতে অঞ্চলটোলৈ আৰু অধিক গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি আশা প্ৰকাশ কৰে৷

আনহাতে দৰিদ্ৰ ছাত্ৰজনৰ ফলাফল লাভ কৰাৰ পিছতে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এটি দলে ছাত্ৰজনৰ ঘৰত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে৷ দৰিদ্ৰ পৰিয়ালটোক কিছু সকাহ প্ৰদান কৰি সংগঠনটোৱে মেধাবী ছাত্ৰ সুদীপ্তৰ যাৱতীয় দায়িত্বও বহন কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷