
newsnextone.com | নলবাৰীঃ নলবাৰী জিলা কাৰাগাৰত এগৰাকী কয়দীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।বিকাশ কলিতা নামৰ কয়দীজনে কাৰাগাৰৰ ভিতৰৰ বাথৰুমত নিজৰ পিন্ধা কাপোৰৰে চিপ লৈ আত্মহত্যা কৰে৷প্ৰেমজনিত কাৰণত কাৰাগাৰলৈ অহা বিকাশ কলিতাৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে,কিছুদিন পূৰ্বে বিকাশ কলিতা নামৰ বিবাহিত লোকজনে বাক্সাৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ সন্দৰ্ভত বাক্সাৰ শিমলা আৰক্ষী থানাই লোক জনক আটক কৰি ৫৭/১৮ এটা গোচৰ ৰুজু কৰে৷উক্ত গোচৰৰ ভিত্তিতে ১৮ আগষ্টত লোকজনক নলবাৰী দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই নলবাৰী জেললৈ প্ৰেৰণ কৰে৷
আনহাতে বুধবাৰে পুৱতি নিশা হঠাতে লোকজনে ৰহস্যজনকভাবে নিজৰ পিন্ধা কাপোৰেৰে চিপ লোৱা ঘটনাই কাৰাগাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।পিচত ঘটনাস্থলীত নলবাৰী আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
উল্লেখ্য যে,ইয়াৰ পূৰ্বেও নলবাৰী জিলা কাৰাগাৰত কেইবাজনো কয়দীয়ে আত্মহত্যা কৰিছিল।কিন্তু ইয়াৰ পিছতো কাৰাগাৰৰ ভিতৰত আত্মহত্যাৰ দৰে ঘটনা ৰোধ নহোৱাত কাৰাগাৰখনৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো স্পষ্ট হৈ পৰিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।