মাজ আকাশত হেৰাল ছুখই ৩০

প্ৰতীকি ফটো

তেজপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাক-মুহূৰ্তত অঘটন। তেজপুৰ বায়ুসেনা ঘাটিৰ এখন অত্যাধুনিক ছুখই-৩০ যুঁজাৰু বিমান আকাশত উৰি থকাৰ সময়ত সন্ধানহীন হৈছে।

চীনৰ শত্ৰুতাচৰণে নতুন দিল্লীৰ মূৰৰ কামোৰণি বৃদ্ধি কৰাৰ সময়তে আজি পুৱা নিয়মীয়া অনুশীলনৰ সময়ত দুজন বৈমানিকৰ সৈতে বিমানখন সন্ধানহীন হয়।

শীৰ্ষ বায়ু সেনা সূত্ৰই জনোৱা মতে, তেজপুৰ বায়ুসেনা কোঠৰ পৰা দুজন পাইলটসহ আজি পুৱা ১০.৩০ বজাত বিমানখনে উৰা মাৰিছিল৷ তেজপুৰৰ পৰা উত্তৰ দিশত ৬০ কিমি দুৰত্বত বিমানখনৰ সৈতে যোগাযোগ নাইকিয়া হৈ পৰে। 

নাৰায়নপুৰৰ ডুবিয়াত শেষ যোগাযোগ হৈছিল বৈমানিকৰ সৈতে৷ অৰুণাচলৰ দৌলচাং অঞ্চলত যুদ্ধ বিমানখন নিৰুদ্দিষ্ট হোৱা বুলি সন্দেহ কৰা হৈছে৷

দৌলচাং হৈছে চীন সীমান্তৰ এক অঞ্চল ।ডুবিয়াৰ গাওঁবুঢ়াক তৎপৰ হোৱাৰ নিৰ্দেশ শোণিতপুৰৰ উপায়ুক্তৰ৷   উপাযুক্ত মনোজ কুমাৰ ডেকাই এই কথা জানিবলৈ দিয়ে । স্বাভাৱিকতে এই ঘটনাই বিমান ঘাটিটোত ৰুদ্ধশ্বাস পৰিৱেশৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে ৰাছিয়াৰপৰা আমদানি কৰা এই যুঁজাৰু বিমানৰ ইঞ্জিনৰ বিসংগতিৰ একাধিকবাৰ প্ৰতিবেদন পোৱা গৈছে।

ইয়াৰ বাবে ভাৰতে স্পেয়াৰ পাৰ্টছ আৰু কাৰিকৰী সহায়ৰ বাবে মাৰ্চ মাহত এক চুক্তিত স্বাক্ষৰ কৰিছিল। 

তাৎপৰ্যৰ কথা যে ২০০৯ চনৰপৰা এতিয়ালৈ ভাৰতীয় বায়ুসেনাৰ ৭ খনকৈ ছুখই ৩০ বিমান দূৰ্ঘটনাত পতিত হৈছে।