
newsnextone.com | গোৱালপাৰাঃ বিশ্বাস কৰিবলৈ টান লাগিলেও অসমীয়া জাতিক বহু দিবলৈ বাকী থকা অৱস্থাতে শুকুৰবাৰে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল শুক্ৰাচাৰ্য ৰাভা৷
শুকুৰবাৰে নিশা প্ৰায় ৯ বাজি ৩৫ মিনিটত অকাল মৃত্যুক আকোৱালি লয় বিশিষ্ট নাট্যকাৰ, পৰিচালক, শিল্পী শুক্ৰাচাৰ্য ৰাভাই৷ আণ্ডাৰ দ্যা শাল ট্ৰিৰ শ্ৰষ্টাগৰাকীৰ মৃত্যুত অসমৰ নাটকৰ জগতত অপূৰণীয় ক্ষতি হ'ল যাক সহজেই পূৰণ কৰিব পৰা নাযাব।
টিখৰ, চাঙকৈ, ৰূপালিম, হাতী আৰু ফন্দি, লভিতা, মাইদা মুচি দাঙাই আদি নাটকৰ শ্ৰষ্টা আছিল তেওঁ৷ সংগীত নাটক একাডেমী যুৱ বঁটা, বিচমিল্লা-খা যুৱ বঁটা, প্ৰতিমাপাণ্ডে বৰুৱা বঁটা প্ৰাপ্ত অসম সন্তানগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰে৷ স্কুলীয়া জীৱনৰ পৰাই নাট, অভিনয়ৰ সৈতে জৰিত যুৱ শিল্পীগৰাকীৰ মৃত্যুত অসমীয়া নাট্যজগতৰ অপূৰণীয় ক্ষতি হয়৷
গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাসিন্দা শুক্ৰাচাৰ্য ৰাভা শুকুৰবাৰে হঠাৎ অসুস্থ হৈ পৰে৷ তাৰ পিছতে গোৱালপাৰা চহৰৰ চ’লেছ হস্পিতালত ভৰ্তি কৰা হয়৷ চিকিৎসকে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা বুলি কয়৷ তাৰ কিছু সময় পিছতে বিশিষ্ট নাট্যকাৰ, পৰিচালক, শিল্পী শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে৷
বাদুংডুপ্পা থিয়েটাৰ গোষ্ঠীৰ প্ৰতিষ্ঠাপক ৰাভাই দেশৰ লগতে বিদেশতো নাট মঞ্চস্থ কৰিছিল। ১৯৭৭ চনৰ ১০ এপ্ৰিলত গোৱালপাৰাৰ ৰামপুৰ গাঁৱত জন্ম গ্ৰহণ কৰিছিল ৰাভাই।
তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰে৷ বহু লোকে এজন ভাল মানুহ, ভাল অভিনেতা, ভাল পৰিচালকৰ মৃত্যু হোৱা বুলি কৈ অসমীয়া জাতিয়ে ভাল মানুহ এজনক হেৰুওৱা বুলি কয়৷