অগপই বিজেপিৰ ‘বি’ টীম হৈ কাম কৰিছে, কঁপালত ফোট-গেৰুৱা সাজ পিন্ধিবলৈহে বাকীঃসুনিল

ডিব্ৰুগড়ঃ অসম গণ পৰিষদ বিজেপিৰ ‘বি’ টীম হৈ কাম কৰিছে৷ সাম্প্ৰতিক সময়ত অগপ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ অসম গণ পৰিষদৰ নেতৃত্বই কঁপালত ফোট আৰু গেৰুৱা সাজহে পিন্ধিবলৈ বাকী আছে৷ আঞ্চলিকতাবাদী অগপৰ সভাপতি সুনিল ৰাজকোঁৱৰে ডিব্ৰুগড় পেঞ্চনাৰ ভৱনত এখন সংবাদমেলত  অনুষ্ঠিত সকৰি শুকুৰবাৰে এই মন্তব্য আগবঢ়ায়৷

আঞ্চলিকতাবাদত বিশ্বাস আৰু শ্ৰদ্ধা কৰাৰ বাবেই অগপৰ বেয়া সময়ত অসম যুৱ পৰিষদৰ নেতৃত্ব গ্ৰহণ কৰা বুলি ৰাজকোঁৱৰে উল্লেখ কৰি কয়, বেয়া দিনত অগপ দলৰ সন্মুখত থাকি বিভিন্ন দায়িত্ব নিষ্ঠাৰে পালন কৰি ভাল দিনৰ প্ৰাক মুহুৰ্তত অগপ দলৰ নেতৃত্বৰ সুবিধাবাদী, ক্ষমতালোভি, স্বেচ্ছাচাৰি আৰু নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত দলটোক ব্যৱহাৰ কৰাৰ প্ৰতিবাদ কৰি আমি আঞ্চলিকতাবাদ চৰিত্ৰ, নীতি, দৰ্শন অক্ষুন্ন ৰাখি নিজৰ স্থিতিতেই দৃঢ়তাৰে আজিও অটলে থকি গ’লো। যি কাৰণত বিশ্বাসভংগ কৰা, সুবিধাবাদী সেই নেতাৰ সংগ ত্যাগ কৰিবলৈ বাধ্য হ’লো। 

কিয়নো আঞ্চলিকতাবাদী, জাতি, নীতিৰ স্বাৰ্থত বিশ্বাস ভংগকাৰীৰ লগত একেলগে সহাৱস্থান কৰা কেতিয়াও সম্ভৱ নহয়। সেয়েহে সেই সময়ত আমি আঞ্চলিকতাবাদী অসম গণ পৰিষদ হিচাপে আত্মপ্ৰকাশ কৰিলো। উল্লেখ্য যে, যি সময়ত অগপ দলৰ সভাপতি, সাধাৰণ সম্পাদকসকল দল ত্যাগ কৰি বিজেপিলৈ গ’ল সেই দলৰ বেয়া সন্ধিক্ষণত ৰাজকোঁৱৰে অগপৰ ভাতৃ সংগঠনটোক আগুৱাই নিয়াৰ লগতে অগপ দলৰ সাংগঠনিক দিশটো আগুৱাই নিছিল বুলি কব পাৰি। 

দলৰ হকে কাম কৰি বহুবাৰ কাৰাবাস খটাৰ লগতে পুলিচৰ নিৰ্যাতনত আইচিইউত থাকি চিকিৎসাধীন হবলগীয়া পৰিস্থিতৰো সৃষ্টি হৈছিল বুলি মন্তব্য প্ৰকাশ কৰে। বৰ্তমান অগপ শীৰ্ষ নেতৃত্বৰ লগতে কেইজনমান ভাতৃ সংগঠনৰ সদস্যক লৈ দলটোক এটা প্ৰাইভেট কোম্পানী হিচাপে ব্যৱহাৰ কৰি থকাটো অতি লজ্জাজনক বুলি ৰাজকোঁৱৰে কৈ লক্ষ্য জনৰ ত্যাগ আৰু নিৰ্যাতন, ৮৫৫ জন শ্বহীদৰ কেঁচা তেজেৰে গঢ়া দলটোক প্ৰাইভেট কোম্পানীলৈ ৰূপান্তৰ কৰিবলৈ কুন্ঠাবোধ নকৰিলে বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে বিজেপিৰ সৈতে লগলাগি চৰকাৰ চলাই থকা অগপক৷ 

সংবাদমেলত ৰাজকোঁৱৰে অগপৰ একাংশ নেতৃবৃন্দই ধনৰ লোভতহে আঞ্চলিকতাবাদী চৰিত্ৰ ত্যাগ কৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ওচৰত আঁঠু লোৱাৰ অভিযোগ উত্থাপন কৰে। অসমবাসীৰ স্বাৰ্থক জলাঞ্জলী দি অগপই বিজেপিৰ ‘বি’ টীম হিচাপে কাম কৰি ৰাইজক আভুৱা ভাৰি অহাৰো অভিযোগ উত্থাপন কৰি অসমৰ তৈলক্ষেত্ৰ সমূহ ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ পিছতো অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা (Special category Sate) মোডী নেতৃত্বাধীন চৰকাৰে বাতিল কৰাৰ পিছতো অগপৰ নেতৃবৃন্দই চকুমুদা কুলিৰ ভাও ধৰা বুলি অভিযোগ উত্থাপন কৰে৷

ইপিনে অগপৰ এগৰাকী মুখপাত্ৰই আঞ্চলিকতাবাদী অগপৰ সভাপতি সুনিল ৰাজকোঁৱৰক কংগ্ৰেছৰ ‘বি’ টীম আখ্যা দিয়াত প্ৰত্যুত্তৰত কয়, বিগত নিৰ্বাচনৰ পূৰ্বে প্ৰধান বিৰোধী দল অগপৰ নেতৃবৃন্দইহে দলীয় তৃণমূল কৰ্মীক অন্ধকাৰত ৰাখি বিজেপি নেতাৰ সৈতে গোপন মিতিৰালি কৰি ধন লৈ নিৰ্বাচন খেলিছিল৷ অগপ শক্তিশালী অৱস্থাত থকা সময়তো বিগত বিধানসভা নিৰ্বাচনত ১২৬টা সমষ্টিৰ ভিতৰত মাত্ৰ ২৪খন আসনতহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বাকীবিলাক বিজেপিক এৰি দিছিল। 

এতিয়া তেওঁলোক ৰাষ্ট্ৰীয় দলৰ বি-টীম হৈ কাম কৰিছে নে মই কৰিছো সেয়া ৰাইজে সহজে বুজি পাইছে। এইক্ষেত্ৰত অগপৰ মুখপাত্ৰই মোক কংগ্ৰেছৰ বি-টীম হিচাপে কাম কৰা বুলি কোৱাটো হাস্যকৰ। বৃহৎ নদী বান্ধ নিৰ্মাণ বিষয়টোক লৈ বৰ্তমান অগপৰ নেতৃবৰ্গ কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৰাজকোঁৱৰে। কেৱল ইমানেই নহয় দীনদয়াল উপাধ্যায়ৰ নামত কলেজ নিৰ্মাণৰ যি প্ৰস্তাৱ কেবিনেটত লৈছিল তাত অগপৰ নেতা তথা মন্ত্ৰী দুজনেও স্বাক্ষৰ কৰিছিল৷ বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে আৰু বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ স্বাৰ্থৰ পৰিপন্থী কেতবোৰ কাম কৰাৰ পিছতো অগপ নেতৃবৰ্গ নিমাত হৈ থকা কথাই প্ৰকৃততে অগপৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে৷