৬ অক্টোৱৰৰ পৰা শোনিতপুৰত পূৰ্ণ পৰ্য্যায়তত আৰম্ভ হ’ব আধাৰৰ কাম

newsnextone.com| তেজপুৰঃ  শোনিতপুৰত ৯ শতাংশ লোকৰ হাতত আধাৰ কাৰ্ড৷ ৬ অক্টোৱৰৰ পৰা আধাৰৰ কাম পূৰ্ণ পৰ্যায়ত আৰম্ভ হ’ব শোনিতপুৰত এই তথ্য প্ৰকাশ কৰে শোনিতপুৰ জিলা প্ৰশাসনে। আজি শোনিতপুৰ জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকাই উপায়ুক্তৰ সন্মিলিত কক্ষত অনুষ্ঠিত সংবাদ মেলত এইদৰে কোৱাৰ লগতে আধাৰ সম্পৰ্কত শোনিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কক্ষ স্থাপন কৰি ৬ অক্টোৱৰত শোনিতপুৰত আৰম্ভ হ’ব বুলি উল্লেখ কৰে। 

সংবাদমেলত উপায়ুক্ত গৰাকীয়ে ৮ অক্টোৱৰৰ পৰা হ’বলগীয়া গুনোৎসৱ আৰু দূৰ্গাপূজা সম্পৰ্কত জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে জানিবলৈ দিয়ে। আনহাতে সংবাদমেলত উপায়ুক্ত গৰাকীয়ে তেজপুৰৰ জোচেফ বিচপৰ মূৰ্তি দুৰ্বৃত্তই আক্ৰমন কৰা ঘটনাক তদন্ত কৰাৰ কথাও জানিবলৈ দিয়ে।