জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দুই নেতাক বহিস্কাৰ

তেজপুৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দুই নেতাক বহিস্কাৰ কৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰৰ জামুগুৰিত৷

জানিব পৰা মতে, অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি অনিল বৰা আৰু সম্পাদক তপন ডেকাক সংগঠনৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰে বুলি জানিব পৰা গৈছে৷

আনহাতে আঞ্চলিক সমিতি খন সম্পূৰ্ণ ভংগ কৰি দি মুকুল শইকীয়াক মুখ্য আহ্বায়ক হিচাপে নিয়ুক্তি দিয়া বুলি জিলা সমিতিৰ সভাপতি ৰাজেন বৰা আৰু সম্পাদক নৃপেন চন্দ্ৰ নাথে জানিবলৈ দিয়ে। সংবিধান অমান্য কৰাৰ বাবে দুয়োজনকে বহিস্কাৰ কৰা বুলি জানিব পৰা গৈছে৷