ডিমাপুৰ ব্ৰাদাৰহুডৰ কবৰস্থান চাফাই অভিযান

ডিফুঃ সোমবাৰে মুছলিম কাউঞ্চিল ডিমাপুৰ চমুকৈ এমচিডিৰ দ্বাৰা পৰিচালিত ডিমাপুৰ ব্ৰাদাৰহুডে কাৰ্বি আংলং জিলাৰ খটখটী থানাৰ অন্তৰ্গত বালিজান খান বস্তিৰ ৰাজহুৱা কৱৰস্থানত চাফাই অভিযান চলাই৷

তিনি ডিচেম্বৰত চলোৱা চাফাই অভিযানত এমচিডিৰ ডিমাপুৰ ব্ৰাদাৰহুডৰ প্ৰায় ৫০ গৰাকী সদস্যই অংশ গ্ৰহণ কৰি পুৱা ৭ বজাৰ পৰা ১ বজালৈ বালিজান খান বস্তি ৰাজহুৱা কবৰস্থানৰ হাবি-জংঘল কাটি পৰিস্কাৰ কৰে৷ শিক্ষা আৰু সমাজ কল্যাণৰ উদ্দেশ্যলৈ গঠন হোৱা এমচিডিৰ ডিমাপুৰ ব্ৰাদাৰহুডৰ এনে পদক্ষেপক ৰাইজে উচ্চ প্ৰশংসা কৰে৷ ৷