শিৱসাগৰ পৌৰসভাৰ স্বচ্ছতাৰ হৰ্ডিঙৰ তলতে জাৱৰৰ দ’ম

জয়সাগৰঃ যিসময়ত সমগ্ৰ দেশজুৰি স্বচ্ছ ভাৰত অভিযানক লৈ ব্যাপক প্ৰচাৰ চলাই থকা হৈছে সেই সময়তে শিৱসাগৰ পৌৰসভাৰ গুৰুত্বহীনতাৰ বাবেই চহৰখনৰ বিভিন্ন ঠাইত জাৱৰ-জোথৰেৰে ভৰি পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ চহৰ খনৰ একাংশ অঞ্চল চকুত পৰা নাই পৌৰসভাৰ কৰ্তৃপক্ষৰ।

কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছতা মিছন (নগৰীয়া) তথা শিৱসাগৰ নগৰখনৰ পৰিষ্কাৰ, সৌন্দৰ্য বৰ্ধনৰ দায়িত্বত থকা শিৱসাগৰ পৌৰসভাই চহৰ খনক পৰিষ্কাৰ কৰি ৰখাত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈছে। 

শিৱসাগৰ পুখুৰীৰ পূব প্ৰান্তৰ যমুনাখন এলেকা এতিয়া জাৱৰেৰে ভৰি পৰিছে৷ জাৱৰৰ দ’মৰ কাষতেই জিলিকি আছে শিৱসাগৰ পৌৰসভাৰ স্বচ্ছতাৰ এক হৰ্ডিং। এই হৰ্ডিঙে প্ৰমাণ কৰিছে শিৱসাগৰ পৌৰসভাৰ বিফলতাৰ হে ছবি খন। 

বিজেপিৰ শাসনত থকা শিৱসাগৰ পৌৰসভাই সৌন্দৰ্য নগৰী শিৱসাগৰক কদৰ্যনগৰীলৈ পৰিণত কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য যে, অসমৰ ঐতিহাসিক চহৰ বুলিলেই প্ৰথমে মনলৈ আহে শিৱসাগৰৰ নামটো৷ আহোম ৰাজত্ব কালৰ স্মৃতি বিজড়িত চহৰ শিৱসাগৰ৷ স্বৰ্গদেও ৰুদ্ৰসিংহ, ভাতৃ শিৱসিংহ, কুঁৱৰী ফুলমতীৰ ইতিহাস আজিও ৰোমন্থন হৈ আছে এই চহৰত৷

আহোম ৰাজত্ব কালত প্ৰশাসনৰ কেন্দ্ৰ ঐতিহাসিক ৰংপুৰ তথা বৰ্তমানৰ শিৱসাগৰ বৃটিছসকলৰো আপোন আছিল৷ চহৰখনৰ মোহত ডুব গৈ বৃটিছেও শিৱসাগৰতে চলাইছিল প্ৰশাসনিক কাম-কাজ।

চহৰখনৰ ওচৰতে থকা প্ৰতাপী গদাধৰ সিংহই নিৰ্মাণ কৰা ধোদৰ আলি, শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, দেউঘৰৰে ভৰপূৰ আহোম ৰাজ্যৰ একালৰ ৰাজধানীখনত আছে অসমীয়াৰ অভিমান স্বৰূপ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ।