বৈদ্যগড়ত শ্বহীদ দিৱস পালনৰ প্ৰস্তুতি

তুলসীবাৰীঃ অসম আন্দোলনত শ্বহীদ যতীন কলিতাৰ ৩৭ সংখ্যক ছহিদ দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷

বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই অহা ২২ ডিচেম্বৰত স্থানীয় শ্বহীদ ভৱন প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলগীয়া কাৰ্যসূচী অনুসৰি পুৱা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব বিশ্ব কলিতাই৷

ইয়াৰ পাছতে ছহিদ তৰ্পণ, প্ৰয়াত জগন্নাথ কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বৃক্ষৰোপণ আৰু আয়তীসকলৰ নাম অনুষ্ঠিত হ’ব৷ বিয়লি নাগাৰা নাম পৰিবেশন কৰিব নমিতা কলিতা আৰু চন্দনা দাসে৷ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰিব৷