অসম আন্দোলনৰ ৰঙিয়াৰ শ্বহীদক স্মৰণ

ৰঙিয়াঃ ৬ বছৰীয়া অসম আন্দোলনত জপিয়াই পৰি প্ৰাণ আহুতি দিয়া ৰঙিয়া অঞ্চলৰ বীৰ শ্বহীদসকলক শুকুৰবাৰে ৰঙিয়াৰ ৰাইজে স্মৰণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ  উদ্যোগত ৰঙিয়া তিনিআলিৰ শ্বহীদ বেদী প্ৰাংগণত ৰঙিয়া তথা সমগ্ৰ অসমৰ ৮৫৫গৰাকী শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি যাচে৷

উত্তৰ ৰঙিয়া ছাত্ৰ সন্থা আৰু পশ্চিম ৰঙিয়া ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়া তিনিআলি শ্বহীদ বেদী প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি আয়তীৰ দিহা নাম প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়৷ সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়।

বন্তি প্ৰজ্বলন অনুষ্ঠানটোৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হোৱা বটাঁ বিতৰণী অনুষ্ঠানত ৰঙিয়া তিনিআলি অঞ্চলৰ দৰিদ্ৰ পৰিয়াল এটাক আছুৱে সাহায্য আগবঢ়ায়৷ ৰঙিয়া তিনিআলিৰ শ্বহীদ বেদী চাফচিকুণকৈ কৰি অহা প্ৰসন্ন ডেকাক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে আছুৱে।

শ্বহীদ দিৱসৰ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক দীপদৰ্শন ভৰদ্বাজ, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তৌফিকৰ ৰহমান, সভাপতি জিতু ডেকা, সাধাৰণ সম্পাদক নিউটন কলিতা, বিত্ত সম্পাদক বুবুল আলীৰ লগতে সমাজকৰ্মী লক্ষ্মীকান্ত মহন্ত উপস্থিত থাকে।