বৰপথাৰত জনতা যুৱ মৰ্চাৰ স্বচ্ছ ভাৰত অভিযান

ধনশিৰিঃ আজি মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন। সমগ্ৰ দেশতে পালন কৰা হৈছে অহিংসাৰ পথেৰে স্বাধীনতাৰ বাট প্ৰশস্ত কৰা মহাত্মা গান্ধীৰ ওপজা  দিনটো।

স্বচ্ছতা আৰু পবিত্ৰতাৰ আমূল নিদৰ্শন মহাত্মাক সুঁৱৰি আজি সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন ঠাইতো চলোৱা হৈছে স্বচ্ছতাৰ অভিযান।

আজি এই উপলক্ষে ধনিশিৰি মহকুমাৰ বৰপথাৰৰ নগৰৰ ৰেলৱে ষ্টেচন, বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদি স্থানত সৰুপথাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যােগত স্বচ্ছ ভাৰত কাৰ্যসূচী হাতত লোৱা হয়।

এই কাৰ্যসূচীত সৰুপথাৰ মণ্ডল জনতা যুৱ মৰ্চাৰ সভাপতি জ্যােতিৰঞ্জন বৰা, বৰপথাৰ নগৰ সমিতিৰ ৪নং ৱাৰ্ডৰ সদস্যা কাকলি মালিক দে’ৰ উপৰিও আন বহু জনতা দলৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।