
তেজপুৰঃ আজি মহামানৱ মহাত্মা গান্ধীৰ ওপজা দিন৷ সমগ্ৰ দেশতে পালন কৰা হৈছে অসিংসাৰ পথেৰে স্বাধীনতাৰ বাট প্ৰশস্ত কৰা মহাত্মা গান্ধীৰ ওপজা দিনটো৷
স্বচ্ছতা আৰু পবিত্ৰতাৰ আমূল নিদৰ্শন মহাত্মাক সুঁৱৰি আজি সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন ঠাইতো চলোৱা হৈছে স্বচ্ছতাৰ অভিযান৷
আজি তেজপুৰৰ ইষ্টাৰ্ন বেচ ওৱৰ্কচপৰ উদ্যোগতো স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰে চাফাই কৰ্ম সমাপন কৰা হয়৷ ইষ্টাৰ্ন বেচ ওৱৰ্কচপৰ কামাণ্ডাৰ বিভূতি নাৰায়ণ সিঙে উদ্ধোধন কৰা চাফাই অভিযানত ওৱৰ্কচপৰ কেইবা শতাধিক কৰ্মকতাই অংশগ্ৰহণ কৰে।