
নলবাৰীঃ নলবাৰী জিলাৰ মাখিবহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৫৭ তম বিদ্যালয় সপ্তাহ উপলক্ষে আজি স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়খনৰ চৌহদৰ লগতে ভাৰতীয় ষ্টেট বেংক, মাখিবাহা শাখাৰ চৌহদ, মাখিবাহা হৰিমন্দিৰ প্ৰাংগণ আদি চাফ-চিকুণ কৰে।
মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা প্ৰতিভা দেৱীয়ে মুকলি কৰা স্বচ্চ ভাৰত অভিযান কাৰ্যসূচীত প্ৰতিকুল বতৰকো নেওচি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়।