নলবাৰীৰ বিভিন্ন স্থানত গান্ধী জয়ন্তী পালন

নলবাৰীঃ আজি ২ অক্টোৱৰ। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত উদযাপন কৰা হৈছে মহামানৱ মহত্মা গান্ধীৰ জন্ম জয়ন্তী। নলবাৰীৰ বেলশৰ স্থিত ঐতিহ্য মণ্ডিত বিল্বেশ্বৰ দেৱালয়তো ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক এক অনুষ্ঠানৰ জৰিয়তে পষেকযোৰা স্বচ্ছতা অভিযানৰ সামৰণী অনুষ্ঠান আৰু গান্ধী জয়ন্তী উদযাপন কৰে।

উক্ত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি দুগৰাকীকৈ বয়োজ্যেষ্ঠ মহিলাক সম্বৰ্ধনা জনায়। আনহাতে, সভাৰ প্ৰাকমুহূৰ্তত মন্ত্ৰী গৰাকীৰ নেতৃত্বত বিল্বেশ্বৰ দেৱালয়ৰ চৌহদত এক চাফাই অভিযান কৰা হয়। হাতত ঝাড়ু লৈ মন্ত্ৰী গৰাকীয়েও চাফাই অভিযানত নামিল বিল্বেশ্বৰৰ দেৱালয় চৌহদত।

ইপিনে গান্ধী জয়ন্তীৰ দিনটোতে মন্ত্ৰী গৰাকীৰো জন্ম দিন। সেয়ে আজি সমষ্টিবাসীৰ সৈতে দিনতো কটাই পাটোৱাৰীয়ে। আনহাতে, ফুলৰ থোপাকে আদি কৰি বিভিন্ন উপহাৰেৰে উপচাই দিয়ে সমষ্টিবাসীয়ে। জন্মদিনৰ শুভক্ষণত শুভেচ্ছা জনোৱা প্ৰতিজন সমষ্টিবাসীলৈ ধন্যবাদ জনায় মন্ত্ৰী গৰাকীয়ে সমষ্টিবাসীৰ নামত নিজকে উৎসৰ্গিত কৰা বুলি সদৰী কৰে পাটোৱাৰীয়ে।

আনহাতে জিলা খনৰ বৰক্ষেত্ৰী সমষ্টিৰ দৌলাশালতো ব্যতিক্ৰমি ভাৱে উদযাপন কৰা হৈছে মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন৷ দৌলাশালৰ বাপুজী সংঘত ৰাতিপুৱাৰে পৰা ধৰ্মীয় অনুষ্ঠানৰ দৰে উদযাপন কৰা হৈছে বাপুজীৰ ওপজা দিনটো৷

চাফাই কাম, বৃক্ষ ৰোপন, বিভিন্ন খেল-ধেমালি, দিহা নাম, নাগাৰা নাম ইত্যাদিৰে উদযাপন কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিন৷

উক্ত অনুষ্ঠানতো সাফল্য মণ্ডিত কৰাৰ বাবে সহযোগ আগবঢ়াইছে অসম আৰক্ষীৰ চতুদৰ্শ বাহিনী, জিএনআৰচি হস্পিতালৰ চিকিৎসক-নাৰ্চেও৷ দৌলাশাল বাপুজী সংঘৰ এনে ব্যতিক্ৰমী অনুষ্ঠানৰ বাবে অঞ্চলটোৰ সচেতন মহলৰ পৰা প্ৰশংসাৰে বুটলিবলৈ সক্ষম হৈছে৷