যিখন ভাৰত গঢ়াৰ বাবে ৭০ বছৰ লাগিছিল, সেইখন ভাৰতক ধ্বংস কৰিব বিচাৰিছে বিজেপিয়ে, থাৰুৰ

Business Today
Business Today

ডিজিটেল ডেস্কঃ মেঘালয়ৰ নিৰ্বাচনৰ বাবে মাজত মাথো দুটা দিন৷ শনিবাৰৰ পৰা সামৰণি পৰিব ৰাজ্যখনৰ প্ৰচাৰৰ দিন৷ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহে ব্যাপক প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীৰে উবুৰি খাই পৰে মেঘালয়ত৷ ৰাজনৈতিক দলৰ নেতা সমূহে মেঘালয়ত বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰক মন জয় কৰাৰ চেষ্টা কৰে৷

বিজেপিৰ লিখক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, সাংসদ শশী থাৰুৰে শুকুৰবাৰে মেঘালয়ত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহে৷ নিবাচনী সভাত অংশ লৈ থাৰুৰে বিজেপিক তীব্ৰ সমালোচনা কৰি মোডীয়ে হিন্দুত্বৰ নামত সংকীৰ্ণ ৰাজনীতি কৰা বুলি কয়৷ আগন্তক নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ আহ্বান জনায়। এই খন চৰকাৰৰ এনে কোনো উল্লেখনীয় কামৰ বিৱৰণ নাই যাক চৰ্চা কৰিব পাৰি। চৰকাৰে দেশত বিশেষ পৰিৱৰ্তন আনিব বিচাৰিছে যদিও এয়া সম্ভৱ হোৱা নাই।

যিখন ভাৰত গঢ়াৰ বাবে ৭০ বছৰ লাগিছিল, এতিয়া সেই খন ভাৰতক ধ্বংস কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে থাৰুৰে৷ ইমানে নহয় এই খন দেশ সকলো ধৰ্ম, জাতি আৰু সংস্কৃতিৰ বুলি কয়। এনেকুৱা সামাঞ্জস্য থকা ভাৰতৰ ঐক্যতা বিঘ্নিত কৰাৰ সাহস এনডিএৰ পূৰ্বৰ চৰকাৰে কৰা নাছিল। থাৰুৰে কয়, বিজেপি মেঘালয়ত আহি মিঠা-মিঠা কথা কৈ শাসনত আহিলেও মোৰ কোনো সমস্যা নহয়৷

কিন্তু মই বহুত দুখেৰে ক’ব লগা হৈছে বিজেপি শাসিত ৰাজ্যত যিবোৰ ঘটনা সংঘটিত হৈ আছে সেইবোৰ পুতৌজনক। কংগ্ৰেছ সাংসদগৰকীয়ে আৰু কয়, এই চৰকাৰৰ দুটা ৰূপ আছে। মেঘালয়ৰ বাবে এটা আৰু অন্য ৰাজ্যৰ বাবে এটা। এয়াত কয় আপোনালোকে সকলো খাব পাৰিব কিন্তু আন্য ৰাজ্যত কয় এয়া সম্ভৱ নহয় বুলিও কয় থাৰুৰে। অহা ২৭ জানুৱাৰীত মেঘালয়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷