ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰে তাই আহোম ছাত্ৰ সন্থাই

ডিব্ৰুগড়ঃ টাই আহোম যুৱ পৰিষদে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থাই আজি পূৰ্ণ সমৰ্থন আগবঢ়ায়৷ বৰপথাৰ আঞ্চলিক আটাছু আৰু টাইপাৰ শতাধিক কৰ্মীয়ে পুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে বিভিন্ন প্ৰতিবাদী শ্লো'গানে পৰিৱেশ উত্তাল কৰি তোলে ৷ বৰপথাৰ আঞ্চলিক আটাছু আৰু টাইপাৰ লগতে স্থানীয় ৰাইজে সহযোগ কৰা প্ৰতিবাদত চৰকাৰ বিৰোধী শ্লো'গান শুনিবলৈ পোৱা যায় ৷ 

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বৰপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অমৃত ৰণী গগৈয়ে কয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে সংগ্ৰাম চলি যাব, যি দিনালৈকে বিধেয়কখন বাতিল নহয় ৷ 

লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণক লৈ চৰকাৰখনে যি ভেকোভাওনা কৰিছে তাক কেৱল মাত্ৰ ৰাজনৈতিক সমীকৰণ হিচাবে ব্যৱহাৰ নকৰিবলৈ সকিয়নি দিয়ে নেতাগৰাকীয়ে ৷ আনহাতে আদিত্য খাখলাৰী নামৰ যিজন ৰাজনৈতিক ভৃত্যই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীতা কৰিছে তেওঁক প্ৰত্যাহ্বান জনাই কয় জনজাতিকৰণ কাৰোবাৰ পৈতৃক সম্পত্তি নহয় ৷ আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিব জানো আৰু কোনোবাই যদি বাধা দিয়ে তেন্তে আজুৰি আনিবলৈও আমি সক্ষম ৷ শিৱসাগৰত আদিত্য খাখলাৰীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা কাৰ্যৰ শলাগ লৈ এনে ব্যক্তিৰ সান্নিধ্যই গোষ্ঠী সংঘৰ্ষৰ বাবে সাৰ পানী দিয়ে বুলিও উল্লেখ কৰে ৷