টাইপাৰ বৃক্ষ ৰোপন কাৰ্যসূচী সম্পন্ন

বেতবাৰীঃ শিৱসাগৰ জিলাৰ হাঁহচৰাৰ খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে খেলুৱা, হাঁহচৰা আৰু ভাধৰা আঞ্চলিক সমিতিৰ সহযোগত বৃক্ষ ৰোপন কাৰ্যসূচী সমাপন কৰা হয়৷

শিলিখা, বগৰী, নিম, কঠাল, আদি প্ৰায় ২৩৬ টা পুলি খেলুৱা অঞ্চলটোৰ লগতে স্বাস্থ্য কেন্দ্ৰটোত ৰোপন কৰা হ'য়। এই কাৰ্যসূচীত উপস্থিত থাকি টাইপাৰ কৰ্মী সকলক সহযোগ কৰে খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মেডিকেল ইনচাৰ্জ (এচডিএম) লগতে স্বাস্থ্য কেন্দ্রটোৰ কৰ্মচাৰীসকলে।

কাৰ্যসূচীটোত উপস্থিত আছিল টাইপাৰ শিৱসাগৰ জিলাৰ প্ৰতিনিধি হৈ ভাস্কৰ গগৈ আৰু হাঁহচৰা আৰু ভাধৰা আঞ্চলিক সমিতিৰ হৈ কৃষ্ণ গগৈ, ৰাজ চেতিয়া, নয়নজোতি গগৈ আৰু টাইপাৰ খেলুৱা আঞ্চলিক সমিতিৰ সভাপতি বিমান দুৱৰী।