মোবাইলত ফোন কিৰ ঠিকনা লৈ তামাৰহাটত দিব্যাংগক ৰামঠগন

গোলকগঞ্জঃ ধুবুৰী জিলাৰ তামাৰহাট আৰক্ষী থানাৰ অন্তৰ্গত কাচখানা গাঁৱৰ এগৰাকী দিব্যাংগ লোকক ৰামঠগন দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছমছেৰ আলী নামৰ দিব্যাংগ লোকজনৰ পৰা মোবাইলযোগে কোনো অচিনাক্ত ব্যক্তিয়ে সহায়ৰ প্ৰলোভন দেখুৱাই কিছুদিন পূৰ্বে নাম ঠিকনা লয়।

বিগত পাঁচ ডিচেম্বৰত পাগলাহাট ডাকঘৰৰ পৰা পিয়নে ছমছেৰ আলীৰ নামত এটা পাৰ্চেল লৈ আহে৷ ডাকঘৰ কৰ্তৃপক্ষই পাৰ্চেলটোৰ বিনিময়ত চাৰি হাজাৰ এশ টকা জমা দিব লাগিব বুলি কয়। দুখীয়া ছমছেৰে পাৰ্চেলটোৰ লোভ সামৰিব নোৱাৰি ঘৰত সামগ্ৰী বিক্ৰী কৰি চাৰি হাজাৰ এশ টকাৰে ডাকঘৰত পৰা পাৰ্চেল সংগ্ৰহ কৰে।

পাৰ্চেলটো খোলাত চমছেৰৰ চকু কপালত উঠে৷ পাৰ্চেলটোৰ ভিতৰত পিতলৰ তিনি চাৰিটা সামগ্ৰী থকা প্ৰত্যক্ষ কৰে চমছেৰে৷ যাৰ মূল্য বিশ টকাৰ পৰা পঞ্চাশ টকা হ’ব। এনেকৈ নিৰীহ দৰিদ্ৰক ঠগি ধন আত্মসাৎ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷