৬০ ঘণ্টাৰ মূৰকত গোৱালপাৰাত উদ্ধাৰ হ’ল তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰী

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | তামুলপুৰঃ যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী কলেজীয়া ছাত্ৰীক ৬০ঘণ্টাৰ অন্তত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত দৰংগামেলাৰ ছাত্ৰীগৰাকী ২৯ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল যদিও দেওবাৰে নিশা আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত চলোৱা অভিযানত গোৱালপাৰা জিলাৰ খৰবুজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ তথা দৰংগামেলা আৰক্ষী চকীৰ অন্তৰ্গত শশীপুৰ নিবাসী ভোলা দাসৰ কন্যাই ২৯ জুনৰ পুৱা ঘৰৰ পৰা কলেজলৈ আহি নিৰুদ্দেশ হয়৷ তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকী দিনৰ দিনটো ঘৰত উপস্থিত নোহোৱাৰ লগতে সন্ধিয়ালৈ ঘৰলৈ নহাত বিচাৰ-খোচাৰ লাগে৷ বিভিন্ন ঠাইত খবৰ লৈ কোনো শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰি দৰংগামেলা আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে৷

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি শশীপুৰ গাঁৱৰে মালেকউদ্দিন আলীৰ পুত্ৰ ছহিদুল আলী (২৫) নামৰ যুৱকজনে অপহৰণ কৰি নিয়াৰ সন্দেহ কৰে৷ দৰংগামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়ন মনি দাসে তদন্ত কৰি ছাত্ৰীগৰাকীক বৰপেটাৰ দিশে নিয়া অৱগত হয়৷ তাৰ পিছতে যুৱতীগৰাকীক গোৱালপাৰাত ৰখা বুলি খবৰ লাভ কৰে৷

আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীৰ এটা দল গোৱালপাৰা জিলাত উপস্থিত গোৱালপাৰা আৰক্ষীৰ সহযোগত গোৱালপাৰা জিলাৰ খৰবুজাত যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ উপস্থিতিৰ সম্ভেদ পাই যুৱকজনে ছাত্ৰীগৰাকীক এৰি পলায়ন কৰে৷ দৰংগামেলা আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰা মতে তামুলপুৰ থানাত ২৩৯/১৮ নম্বৰত গোচৰ ৰুজু কৰি যুৱকজনক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷ একাংশ লোকে এয়া প্ৰেমৰ সম্পৰ্ক হ’ব পাৰে বুলিও সন্দেহ কৰে৷