তামুলপুৰত ভঙা কালভাৰ্টত আঘাতপ্ৰাপ্ত হৈ এজন যুৱক নিহত

তামপুৰঃ তামুলপুৰৰ সিদ্ধিনাথপুৰত নিশা শোকাৱহ দূৰ্ঘটনা৷ ভঙা কালভাৰ্তৰ পৰা পৰি সুজিত ভৌমিক(২৭) নামৰ এজন যুৱকৰ মৃত্যু হয়৷ নিশা আলহীৰ ঘৰলৈ গৈ থাকোতে পথত থকা ভঙা কালভাৰ্তৰ তলত বাইক (AS 01 AM 8891) সহ পৰি যোৱাত ঠাইতে নিহত হয় যুৱক জন৷

জানিব পৰা মতে, তামুলপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত ইক্ৰাবিলৰ সুজিত ভৌমিক নামৰ যুৱকজনে সন্ধিয়া তেওঁৰ ঘৰৰ পৰা পাঁচ কিলমিটাৰ দূৰৰ কুসুমজুলীত থকা তেওৰ মাহীয়েকৰ ঘৰলৈ আহি থাকোতে পথাৰৰ মাজৰ থকা ভঙা কালভাৰ্ট এটাত বাইকসহ পৰি যায়৷ ফলত মুৰত গুৰুতৰ ভাৱে আঘাট পোৱা সুজিতৰ ঠিতাতে মৃত্যু হয়৷

আনহাতে, জনবসতিৰ পৰা কিছু নিলগত দূৰ্ঘটনাতো সংঘটিত হোৱাত গোটেই নিশাটো তাতেই পৰি থাকে মৃতদেহ৷ ৰাতিপুৱা পথাৰলৈ গৰু এৰাল দিব যোৱা লোকে বাইকসহ এজন ব্যক্তি কালভাৰ্তৰ তলত পৰি থকা দেখি গাওবুঢ়া তথা আৰক্ষীক খবৰ দিয়ে৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী তথা স্থানীয় লোক উপস্থিত হয়৷ পিছত আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়৷ স্থানীয়লোকে জানিবলৈ দিয়া মতে কালভাৰ্টতো যোৱা বাৰিষাত উল্টা খণ্ডাৰ ফলত বহিযোৱাত পথটোৰে যাতায়ত বন্ধ হৈ আছিল৷