তামুলপুৰৰত পুনৰ আৰক্ষীক আক্ৰমণ অপৰাধীৰ

newsnextone.com। তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ ২৪ নং আই আৰ বি এন জোৱান এগৰাকীক মহিলাই কটাৰীৰে হাতত কটা ঘটনাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই পুনৰ অনুৰূপ ঘটনা ঘটে তামুলপুৰ আৰক্ষী থানাত।

তামুলপুৰৰ গেৰুৱাৰ অভিযুক্ত খাইৰুল আলীয়ে এখন দাৰে খেদি আহি আক্ৰমণ কৰে আৰক্ষী সহ পৰিদৰ্শক আলচান আলী আৰু চিপাহী অমিত দত্তক।

পূৰ্বেৰে অভিযুক্ত তথা গোচৰ নং ৩৪/১৮, ভাৰতীয় দণ্ডবিহী আইনৰ ৩৪১/৩২৫/৩৪ ধাৰত ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে আৰক্ষীৰ দলটো উপস্থিত হৈছিল খাইৰুল আলীৰ বাসগৃহত। কিন্তু তাৎক্ষনিকভাৱে খাইৰুলে ঘৰৰ ভিতৰৰ পৰা দা এখন আনি দা খনৰ গদিৰে সহ-পৰিদৰ্শক আলচান আলীক প্ৰহাৰ কৰে।

আলচান আলীক প্ৰহাৰ কৰা দেখি আৰক্ষী জোৱান অমিত দত্ত আগবাঢ়ি যোৱাত তেওঁ আঘাত প্ৰাপ্ত হয়। শেষত তামুলপুৰ আৰক্ষীয়ে খাইৰুলক গ্ৰেপ্তাৰ কৰি তামুলপুৰ থানাত জেৰা অব্যাহত ৰাখিছে।