তামুলপুৰ মহকুমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সন্মুখত চাউল বিচাৰি ৰাইজৰ প্ৰতিবাদ

newsnextone.com তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যলয়ৰ সন্মুখত আজি দিনৰ ১০ বজাত খাদ্যসুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীৰ চাউল বিচাৰি বহু মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ দক্ষিণ কুমাৰীকাটা সমবায় সমিতিৰ এজেন্টৰ বিৰুদ্ধে কৰা প্ৰতিবাদত সমগ্ৰ পৰিবেষ উতপ্ত হৈ পৰে।

সোনমনি পলাশগুৰী,  দক্ষিন পলাশগুৰি,  কাদাংগা কুমাৰপাৰা গাঁৱৰ চাৰিশ পৰিয়াল খাদ্য সুৰক্ষা আইনৰ অধীনত পাব লগা চাউলৰ পৰা ৬ মাহ ধৰি বঞ্চিত হোৱাৰ অভিযোগত আজি এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে (বড়ো ভাষাতে) আমাক চাউল লাগে চাউল দিয়ক,  চৰকাৰী সুবিধা আমাক লাগিবই,  আমাৰ দাবী মানিবই লাগে আমাক ন্যয় লাগে আদি শ্লোগানেৰ তামুলপুৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয় উত্তাল কৰি তোলে। ইপিনে তামুলপুৰ মহকুমাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ  গৰাকীয়ে এই ঘটনা সম্পৰ্কত এক তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে ৷