খাদী উৎপাদন কেন্দ্ৰত বিষয়া-কৰ্মচাৰীৰ অনুপস্থিতিত ভেটিত গজিল তিতালাও

অভিজিৎ তালুকদাৰ, তামুলপুৰঃ অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধীনৰ তামুলপুৰৰ খাদী উৎপাদন কেন্দ্ৰৰ ভেটিত সম্প্ৰতি মাহ মাহ ধৰি বিষয়া কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে তিতালাও গজাৰ উপক্ৰম হোৱাত এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তামুলপুৰত। 

এই কেন্দ্ৰত সম্প্ৰতি তিনি গৰাকী বিষয়া-কৰ্মচাৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে যদিও উৎপাদন কেন্দ্ৰটোত বিষয়া-কৰ্মচাৰীৰ উপস্থিতি মুঠেই নিয়মীয়া নহয়। অৱশ্যে ইয়াৰে এগৰাকী গান্ধীবাৰীত ফিল্ডৰ কামত ব্যস্ত থাকে যদিও বাকী দুজনৰ উপস্থিতি মুঠেই নিয়মীয়া নহয় বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। 

ৰাইজে অভিযোগ কৰা মতে উৎপাদন কেন্দ্ৰটোৰ বিষয়া জনৈক হৰেকৃষ্ণ তহবিলদাৰে মাহ মাহ ধৰি উৎপাদন কেন্দ্ৰটোত অনুপস্থিত থাকে। কোনোবা মাহত কাৰ্যালয়লৈ আহে যদিও কিছু সময় থাকিয়েই গুচি যায় বুলি অভিযোগ উঠিছে। সম্প্ৰতি উৎপাদন কেন্দ্ৰটোৰ আগফাল-পিছফাল বন-জংগলে ছানি ধৰিছে। মূল গেটৰ তলাটোও মামৰে ধৰাৰ উপক্ৰম হোৱাত প্লাষ্টিকেৰে মেৰিয়াই থোৱা দেখা যায়। 

উল্লেখ্য যে পূৰ্বতে অসম খাদী গ্ৰামোদ্যোগ বোৰ্ডৰ অধীনৰ তামুলপুৰ খাদী উৎপাদন কেন্দ্ৰটো বিষয়া-কৰ্মচাৰীৰ লগতে শিপিনী আৰু বিভিন্ন হিতাধীকাৰী ৰাইজৰ উপস্থিতিৰে গিজগিজাই আছিল যদিও সম্প্ৰতি কিছুমান অকৰ্মণ্য বিষয়া-কৰ্মচাৰীৰ বাবে ই পৰ্যবসিত হৈছে গোহালিলৈ। বিষয়া কৰ্মচাৰীৰ অনুপস্থিতিৰ বাবে ৰাইজে খাদী বোৰ্ডৰ অধীনৰ আঁচনিসমূহৰপৰা বঞ্চিত হ’ব লগা হৈছে। সেয়ে তামুলপুৰৰ বিভিন্ন দল-সংগঠনে ইয়াৰ এক উচিত তদন্ত কৰাৰ লগতে বিভাগটো কাৰ্যক্ষম কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।