চিকিৎসাৰ অভাৱত তামুলপুৰ অপ্ৰদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ মৃত্যু

newsnextone.com। তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বতিয়ামাৰী এম ই স্কুলৰ হিন্দী বিষয়ৰ সহঃ শিক্ষক এগৰাকী আজি কেবাদিন ধৰি কিডনীৰ সমস্যাত ভুগি অৰ্থৰ অভাৱত পৰি বিনা চিকিৎসাই মৃত্যুক সাৱতি লব লগা হয়৷ মৃত শিক্ষক গৰাকীৰ নাম কান্তেশ্বৰ বসুমতাৰী(৫৩)৷ বতিয়ামাৰী এম ই স্কুলৰ সহঃহিন্দী শিক্ষক গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷ শিক্ষক গৰাকীয়ে ১৯৯০ চনৰ পৰা প্ৰতিষ্ঠাপক হিন্দী শিক্ষক হিচাবে কাৰ্যনিৰ্বাহ কৰি আহিছিল৷

সুদীৰ্ঘ ২৮ বছৰে বিনা বেতনে শিক্ষকতা কৰি আজি অকালতে মৃত্যুক সাবতি লব লগা হোৱাত দৰিদ্ৰ পৰিয়ালটোৰ মাজত হাহাকাৰৰ পৰিবেশৰ সৃষ্টি হৈছে৷ পৰিয়ালৰ মুৰব্বী গৰাকীৰ অকাল বিয়োগত এতিয়া পৰিয়ালটোৱে চৌদিশে দেখিছে অন্ধকাৰ৷ আজি ৰাতিপুৱা শিক্ষক গৰাকীৰ মৃতদেহ কলবাৰী গাঁৱৰ ঘৰলৈ অনাৰ পিছত ঘৰখনত এক বুজাব নোৱাৰা পৰিবেশে বিৰাজ কৰে৷ শিক্ষক গৰাকীৰ কৰ্মস্থান বতিয়ামাৰী এম ই স্কুললৈ আনি বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে৷

 উল্লেখ্য যে, বৃক্কৰ ৰোগত আক্ৰান্ত শিক্ষক গৰাকী অৰ্থৰ অভাৱত স্থানীয় চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰি আছিল যদিও শেহতীয়াকৈ তেওঁ গুৰুতৰ ভাবে অসুস্থ হৈ পৰে৷ বিগত দুদিন তেওঁৰ শৌচ-পেচাৱ বন্ধ হৈ পৰাত কালি সংকটজনক অৱস্থাত গুৱাহাটীস্থিত জি.এন.আৰ.চিত ভৰ্তী কৰায় যদিও নিশাই তেওঁৰ মৃত্যু ঘটে ৷

ভবিষ্যতে যাতে আন কোনেও বিনা বেতনে কৰ্মৰত অৱস্থাত মৃত্যুক সাৱতি লব লগা নহয় তাৰ বাবে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী তথা স্থানীয় সচেতন ৰাইজে অপ্ৰাদেশিকৃত বিদ্যালয় সমুহ অতিশীঘ্ৰে প্ৰাদেশীকৰনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷