
লিডুঃ অৰুণাচল প্ৰদেশৰ প্ৰায় ২০টা জনগোষ্ঠীৰ লোকবাস কৰে৷ জনজাতিয় লোকসকলৰ বেছি ভাগৰে ভাষা, সাহিত্য, সংস্কৃতি, পৰম্পৰা, খাদ্যৰ প্ৰণালী সুকীয়া৷ তাগিন, খামটি, নোকটে, আদি, নিশি, আপাতানি, ৱাঞ্চে, তাংচা, চিংফৌ, মেনপা, শোৰদুকপেন, অকা আদি জনগোষ্ঠীৰ লোক বাস কৰে অৰুণাচলত৷ প্ৰতিটো জনগোষ্ঠীয়ে চহকী, লোকৰ নৃত্য, গীত, সংস্কৃতিৰে আগবড়া৷ প্ৰতিটো জনগোষ্টীৰে সুকীয়া বৈশিষ্ট আছে৷ বিশাল ইতিহাস সমৃদ্ধ, পৰম্পৰাৰ চহকী৷
কিন্তু তাৰ মাজত তাংচা জনগোষ্ঠীৰ জনসংখ্যা বহু কম বুলি জানিব পৰা যায়৷ অৰুণাচলৰ জিলাৰ সৰ্বমুঠ জনসংখ্যাৰ অনুসূচীত জনজাতি ৮০ শতাংশ৷ ইয়াৰে অতি কম সংখ্যাক তাংচা জনগোষ্ঠীৰ লোক৷ অৰুণাচলৰ ১৬ খনত জিলাত আৰু অসমৰ তিনিচুকীয়া জিলাত সিচৰিত হৈ থকা তাংচাসকল প্ৰতি খন চৰকাৰে অৱহেলা কৰাৰ ফলত সংকটৰ মাজত জীয়াই থাকিব লগা হৈছে৷

কিয়নো প্ৰতিটো জনগোষ্ঠীৰ নিজ নিজ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্য থাকে৷ এই সমূহ সংৰক্ষণ তথা প্ৰচাৰ লপ্ৰসাৰৰ দায়িত্ব লোৱাটো চৰকাৰৰ দায়িত্ব৷ সময়ে সময়ে কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্য সংৰক্ষণ জনগোষ্ঠী সমূহৰ বিশেষ বিশেষ লোকে কৰাওঁ দেখা যায়৷ কিন্তু তাচাং সকলৰ জনসংখ্যা কম হোৱাৰ লগতে দৰিদ্ৰতাই কোঙা কৰা অসম আৰু অৰুণাচলত বাস কৰা তাচাংসকল আজি সংকটাপন্ন৷
সমাজ, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক আদি লাহে লাহে লুপ্ত হোৱাৰ দিশে৷ বিশ্বৰ সন্মুখত তেওলোকেও দাঙি ধৰিব বিছাৰে তেওঁ লোকৰ এতিহ্য৷ কিন্তু চৰকাৰে তেওঁলোকৰ এই সপোনক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷ জীৱনৰ কৰুণ গাঁথা কোনে শুনিব তেওঁলোকৰ৷ জীৱনৰ গীত গাই ভালপোৱা তাচাংসকল আধুনিকতাৰ কৱলত পৰিওঁ স্বকীয়তা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰে যদিও ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে পৰস্পৰা সংস্কৃতি৷
সৰ্বদিশতে পিছপৰি থকা তাচাং জনগোষ্ঠীয়ে এতিয়া কঠিন পৰিস্থিতিত জীৱন, জীৱিকাৰ বাবে সংগ্ৰাম কৰি আছে যদিও চৰকাৰ চকু মেলি নাচাই বুলি কয় জনগোষ্ঠীটোক নেতৃত্ব দিয়া সদৌ অসম তাংচা ছাত্ৰ সন্থাই। জনগোষ্ঠীটোৰ জন-জীৱনৰ ঘাত-প্ৰতিঘাতে জুৰুলা কৰিছে৷ তাৰ মাজতে অসম আৰুঅৰুণাচলত বাস কৰা তাংচা জনগোষ্ঠী লোকসকলে পৰম্পৰাগত ৱিহুকূ উৎসৱ উলাহ-মালহেৰে অনুষ্ঠিত কৰিছে অসমৰ ভূমিত৷
তিনিচুকীয়া জিলাৰ লেখাপানীৰ খাৰাংকঙত সদৌ অসম তাংচা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৱিহুকূ উৎসৱত অসম-অৰুণাচলৰ শ-শ লোকে অংশ গ্ৰহন কৰে৷ অতি কম জনসংখ্যাৰ প্ৰাচীন জনগোষ্ঠী তাংচাসকল সাংস্কৃতিক দিশ চহকী যদিও চৰকাৰৰ অৱহেলা, দৰিদ্ৰতাৰ সৈতে যুজ দি জনগোষ্ঠীটোৰ পৰম্পৰা, সংস্কৃতি বিলুপ্ত হোৱাৰ দিশে ধাৱমান হোৱাৰ দিশে আগবাঢ়িছে৷
তিনিচুুকীয়া আৰু অৰুণাচলৰ চাংলাং জিলাত সিচৰিত হৈ থকা তাংচাসকলক একত্ৰিত কৰি প্ৰাচীন পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত কাম কৰি গৈছে সদৌ অসম তাংচা ছাত্ৰ সন্থাই৷ নৃত্য-গীত আৰু পৰম্পৰাগত খাদ্য সম্ভাৰ যুৱ প্ৰজন্মক পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে অনুষ্ঠিত কৰা ৱিহুকূ উৎসৱত অসম-অৰুণাচলৰ শ-শ লোকে অংশগ্ৰহন কৰি গীত-নৃত্যৰে জীপাল কৰি তোলে লেখাপানীৰ খাৰাংকঙা অঞ্চল৷
অসম আৰু অৰুণাচলত বাস কৰা তাংচাসকলে আৰ্থিক সংকটৰ বাবে জুৰুলা যদিও জনগোষ্ঠীটোৰ ঐতিহ্যক ধৰি ৰখাৰ উদ্দেশ্যে কাম কৰি গৈছে সদৌ অসম তাংচা ছাত্ৰ সন্থাই৷ সংগঠনটোৱে জন্ম লগ্নৰে পৰা কাম কৰি জনগোষ্ঠীটোক উজলাই তোলাৰ বাবে কাম কৰি আহিছে৷ ছাত্ৰ সংগঠনটোৱে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ৫০ সংখ্যক ৱিহুকূ উৎসৱ উদযাপন কৰি নৃত্য গীত আৰু পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰে৷