দেওমৰনৈৰ সমাজকৰ্মী তৰুণ চন্দ্ৰ মহন্তৰ মৃত্যু

দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈৰ সমাজকৰ্মী দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কাৰ্যালয় সহায়ক বৰেৰী নিবাসী তৰুণ চন্দ্ৰ মহন্তৰ শুকুৰবাৰে মৃত্যু হয়।

৬৮ বছৰ বয়সত মৃত্যু হয় মহন্তৰ৷ মহন্তৰ মৃত্যুত দেওমৰনৈ অঞ্চলত শোকৰ ছাঁ পৰে। দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দেওমৰনৈ সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে।